ইৰাণ-ইজৰাইলৰ যুদ্ধ বিয়পিছে মধ্যপ্ৰাচ্যৰ অন্যান্য দেশলৈয়োঃ য়েমেন আৰু লেবাননো জড়িত হৈছে যুদ্ধত

অধিক জটিল হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ সম্প্ৰসাৰিত হৈছে আন দেশলৈয়ো। এইবাৰ যুদ্ধত জপিয়াই পৰিছে য়েমেন আৰু লেবাননো।

author-image
Asomiya Pratidin
New Update
ইৰাণ-ইজৰাইলৰ যুদ্ধ বিয়পিছে মধ্যপ্ৰাচ্যৰ অন্যান্য দেশলৈয়োঃ য়েমেন আৰু লেবাননো জড়িত হৈছে যুদ্ধত

ডিজিটেল ডেস্কঃ অধিক জটিল হৈ পৰিছে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি। ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ সম্প্ৰসাৰিত হৈছে আন দেশলৈয়ো। এইবাৰ যুদ্ধত জপিয়াই পৰিছে য়েমেনো। জানিব পৰা মতে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ অব্যাহত থকাৰ মাজতে ইজৰাইলৰ ওপৰত জপিয়াই পৰিছে য়েমেন। 

Advertisment

পশ্চিম এছিয়াৰ এই দেশখনৰ সশস্ত্ৰ সংগঠন হাউথীয়ে ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যক্ষ আক্ৰমণ চলাইছে। একেদৰে ইজৰাইলৰ বেঞ্জামিন নেতানিয়াহুৰ সামৰিক বাহিনীয়ে লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ বিৰুদ্ধে আক্ৰমণ ৰৰিছে। 

জানিব পৰা মতে শুকুৰবাৰে দক্ষিণ লেবাননত ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত হয় হিজবুল্লাহৰ জ্যেষ্ঠ সেনাধ্যক্ষ মহম্মদ খাদেৰ আল হুছেইনী। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে এক বিবৃতি প্ৰকাশ কৰিছে এই কথা।

আই ডি এফে দাবী কৰিছে হিজবুল্লাহ সংগঠনত হুছেইনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইজৰাইলৰ নাহৰিয়া আৰু হাইফাৰ দৰে চহৰত কেইবাটাও আক্ৰমণৰ আঁৰত আছিল হুছেইনী। তেওঁ দীৰ্ঘদিন ধৰি ইজৰাইলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ আছিল।

শেহতীয়াকৈ তেওঁক হিজবুল্লাহৰ পুৰণি অস্ত্ৰ-শস্ত্ৰৰ অস্ত্ৰভাণ্ডাৰ সংস্কাৰৰ দায়িত্ব দিয়া হৈছে বুলি আই ডি এফে প্ৰকাশ কৰিছে। তেওঁলোকৰ বিবৃতিত হুছেইনীৰ বিষয়ে কোৱা হৈছে যে, "তেওঁৰ কাৰ্যকলাপে লেবানন আৰু ইজৰাইলৰ মাজত বাৰে বাৰে বুজাবুজি বিঘ্নিত কৰিছে। আই ডি এফে ইজৰাইলৰ প্ৰতি যিকোনো ভাবুকি দূৰ কৰাৰ বাবে কাম কৰি যাব।"

উল্লেখ্য যে, ইৰাণৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ মাজতে যোৱা বুধবাৰৰ পৰা ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছে। বুধবাৰে নিশা নবাটিয়ে প্ৰদেশত ইজৰাইলৰ পৃথক পৃথক আক্ৰমণত হিজবুল্লাহৰ আৰু দুজন জ্যেষ্ঠ সেনাধ্যক্ষ নিহত হয়। 

ইয়াৰে এজন আছিল হিজবুল্লাহৰ টেংক বিৰোধী মিছাইল ইউনিটৰ নেতৃত্ব দিয়া মহম্মদ আহমেদ খ্ৰেইছ। উল্লেখ্য যে, ইৰাণ আৰু ইজৰাইলৰ যুদ্ধই শনিবাৰে নৱম দিনত ভৰি দিছে। বৰ্ধিত যুদ্ধ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। 

শুকুৰবাৰে মাজনিশাৰ পৰা শনিবাৰে পুৱাৰ ভাগত ইৰাণৰ পৰা মধ্য ইজৰাইলৰ কেইবাটাও স্থানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। তাৰ প্ৰত্যুত্তৰ দিয়ে ইজৰাইলেও। ইৰাণ আৰু ইজৰাইলৰ এই সংঘাতৰ মাজতে হিজবুল্লাহৰ সচিব প্ৰধান শ্বেখ নাইম কাছেমে ইৰাণৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে। তেওঁলোকে ইজৰাইলৰ ওপৰত প্ৰত্যাক্ৰমণ আৰু ধ্বংসলীলা চলোৱাৰ সতৰ্কবাণীও দিছে। 

 

মধ্যপ্ৰাচ্য যুদ্ধ ইৰাণ ইজৰাইল যুদ্ধ