কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দঃ ৫ জনক গ্ৰেপ্তাৰ...

কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দঃ ৫ জনক গ্ৰেপ্তাৰ...
কাছাৰত ৫০ কোটি টকাৰ YABA টেবলেট জব্দঃ ৫ জনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বিশেষ সফলতা৷ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে দুই লাখ য়াবা টেবলেট৷ শিলচৰ- আইজল ৰাষ্ট্ৰীয় পথত তালাচী চলাই AS25-TC-1582 নম্বৰৰ ট্ৰাক খনৰ পৰা জব্দ কৰা হয় টেবলেট খিনি৷

ট্ৰাকৰ গোপন চেম্বাৰত ২০ টা পেকেটত লুকাই অনা টেবলেটৰ সৈতে ৫ জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ধৃত সৰবৰাহকাৰী কেইজনৰ ভিতৰত কামৰূপ বকোৰ তিনিজন৷

এই তিনিজন চন্দন ডালু, মেধিৰাজ হাজং আৰু ৰাজদীপ পাল আৰু মেঘালয় খাছিহিলছৰ বাহদুহ ওৱাৰ ভালাং৷ আনহাতে, ধৃত ব্যক্তি কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পশ্চিম ত্ৰিপুৰাৰ সুমন সৰকাৰ নামৰ এজন ড্ৰাগছ ক্ৰেতাক শিলচৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

জব্দ কৰা টেবলেটখিনি মিজোৰামৰ চাম্পাই জিলাৰ পৰা কাছাৰৰ মাজেৰে বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীসকলে৷ জব্দ কৰা টেবলেটৰ মূল্য ৫০ কোটি টকাতকৈও অধিক হ'ব বুলি সদৰী কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in