/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/735bf1a3-1ff5-4086-beb9-5d16cf3117ac/1.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বুজন পৰিমাণৰ কফ ছিৰাপ, নিচাজাতীয় য়াবা টেবলেট আৰু ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে। ছেপাহীজেলাৰ মেলাঘৰ আৰু সোনামুৰা এলেকাত অভিযান চলাই ত্ৰিপুৰা আৰক্ষীয়ে জব্দ কৰিছে নিচা জাতীয় সামগ্ৰীসমুহ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/45ff38e9-44b3-42dc-8c25-0eb0c96467f0/2.jpg)
আৰক্ষী সূত্ৰে জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত মেলাগড় থানাৰ আৰক্ষীয়ে এখন টাটা ডি বাহনত তালাচী চলাই ২৪০০ ফেনচেডিল কফ চিৰাপৰ বটল জব্দ কৰে। কফ চিৰাপৰ সৈতে বাহনখনৰ চালক কমৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হয়। জব্দ কৰা কফ চিৰাপৰ মুল্য প্ৰায় ২০ লাখ টকা।
ইফালে, সোণমুৰা থানাৰ তামছা বাৰীত আৰক্ষী আৰু বি এছ এফে যৌথ অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। সৰবৰাহকাৰীজনৰ পৰা ৩৬০০ টা য়াবা টেবলেট, ১৪ গ্ৰাম ব্ৰাউন চুগাৰ, ২৫ টা ফেনচেডাইল আৰু এছকুফ কফ চিৰাপৰ বটল জব্দ কৰে।