/asomiyapratidin/media/media_files/2025/05/16/ZTZ2c5T4zvCK2f5BZpQi.jpg)
বৰাকত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী
ডিজিটেল সংবাদ, শিলচৰ: বৰাক- ব্ৰহ্মপুত্ৰৰ মহা মিলনৰ বৰ্ণিল আস্থাৰে অসম সাহিত্য সভাৰ এইবাৰ সেতুবন্ধ যাত্ৰা । সাহিত্য সভাৰ সভাপতি ড' বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এটি ২০ জনীয়া প্ৰতিনিধি দলে বৰাক উপত্যকাত তিনিদিনীয়া কাৰ্যসূচীৰে কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভুমি জিলাত কৰিব এই সেতুবন্ধ যাত্ৰা।
শনিবাৰে ৰাতিপুৱা ৯ বজাত সাহিত্য সভাৰ শিলচৰ শাখা কাৰ্যালয়ৰ পৰা সেতুবন্ধ যাত্ৰাৰ শুভাৰম্ভ কৰা হ'ব। শিলচৰৰ পৰা হাইলাকান্দি লৈ এই যাত্ৰা কৰি মন জুৰুৱা শীৰ্ষক এক অনুষ্ঠানত মিলিত হ'ব সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে। এই মন জুৰুৱা অনুষ্ঠানত সাহিত্য সভাৰ হাইলাকান্দি জিলাৰ নেতৃবৰ্গৰ, স্থানীয় বৌদ্ধিক সমাজৰ বিদ্বান লোকসকলৰ লগতে প্ৰশাসনৰ বিষয়াসকলৰ সৈতে অন্তৰংগ আলাপত অংশ লব প্ৰতিনিধি দলটোৱে।
ইয়াৰ পিছতে শ্ৰী ভুমি জিলাতো অনুৰূপ অনুষ্ঠানত ভাগ লব সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে। পিছদিনা দেওবাৰে কাছাৰ জিলাৰ অসমীয়া, বাংলা আৰু ইংৰাজী মাধ্যমৰ একাংশ বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে কাছাৰৰ অসমীয়া গাঁওসমূহো পৰিদৰ্শন কৰিব সাহিত্য সভাৰ দলটোৱে। পিছত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিধায়ক সকলৰ সৈতে মত বিনিময় কৰিব সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে। সিদিনা সাহিত্য সভাৰ শিলচৰত অনুষ্ঠিত হ'ব লগা ২০২৫-২০২৭ কাৰ্যবৰ্ষৰ তৃতীয় কাৰ্য নিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশন আয়োজন উপলক্ষে আলোচনা আৰু কমিটী গঠন কৰা হ'ব। এই আলোচনাত বৰাকৰ দুই মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালসহ লেখক সাহিত্যিকসকল উপস্থিত থকাৰ কথা।