/asomiyapratidin/media/media_files/2025/05/16/u6ZiFmSRBenHGKKOPkwy.jpg)
মই কোনো অপৰাধ কৰা নাই
ডিজিটেল সংবাদ, মঙলদৈঃ অৱশেষত মঙলদৈ জিলা কাৰাগাৰৰ আলহী হ'ল সাহিত্যিক ইছমাইল হুছেইন। মঙলদৈ সদৰ থানাৰ MLD PS NO- 84/25 UG 79 BNS R/W SEC. 67(a) IT Act ধাৰাত গোচৰ ৰুজু কৰি ইছমাইল হুছেইনক মঙলদৈ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে।
সাংবাদিকৰ সন্মুখত হুছেইনে সদৰি যে, "মই কোনো অপৰাধ কৰা নাই, আৰক্ষীক সহযোগ কৰিছো। মহিলাগৰাকীয়েহে মোক সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছে। ইয়াৰ ক্ষেত্ৰত আইনে যি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আইনৰ কথা।"
উল্লেখযোগ্য যে, হুছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত এগৰাকী মহিলাক অশালীন মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ইছমাইল হুছেইনক আটক কৰিছিল আৰক্ষীয়ে। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে যোৰহাটৰ গড়আলিৰ পৰা আটক কৰিছিল হুছেইনক।