গুৱাহাটীত চিকিৎসাধীন হৈ আছে সাহিত্যিক তৰেণ বড়ো

পুনৰ অসুস্থ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক তৰেণ বড়ো। গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত বৃহস্পতিবাৰে বিয়লিৰ পৰা চিকিৎসাধীন হৈ আছে সাহিত্যিকগৰাকী।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-26 at 6.22.21 PM

ডিজিটেল সংবাদ, হাওৰাঘাটঃ পুনৰ অসুস্থ হৈছে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক তৰেণ বড়ো। গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত বৃহস্পতিবাৰে বিয়লিৰ পৰা চিকিৎসাধীন হৈ আছে সাহিত্যিকগৰাকী।

Advertisment

উল্লেখ্য যে, সাহিত্য আৰু সংস্কৃতিৰ  ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক নতুন দিল্লীত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছিল । ১৯৫৫ চনৰ ১ নৱেম্বৰত গোৱালপাৰাত জন্ম গ্ৰহণ কৰা আৰু বৰ্তমান গুৱাহাটীত থকা তৰেণ বড়োই ১৯৭৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ (পিজি) উত্তীৰ্ণ হৈ গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। তেওঁ ১৯৮৪ -১৯৯০ চনত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য হয়। ইয়াৰ পিছতে তেওঁ বড়ো সাহিত্য সভাৰ মুখপত্ৰ 'The Bodo' ৰ সম্পাদক, যুটীয়া সম্পাদক, কোষাধ্যক্ষ, উপ সভাপতি আৰু বড়ো সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। 

ইপিনে ২০০৫ চনত সদৌ ভাৰত ৰিজাৰ্ভ বেংক কৰ্মচাৰী সন্থাৰ গুৱাহাটী শাখাৰ সম্পাদক, ২০১৩ চনত বোলছবিৰ এডভাইজৰী ব'ৰ্ডৰ সদস্য, ২০১৫ চনত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি, নাগৰিক কমিটীৰ সদস্য, ২০২৩ চনত নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক হিচাপেও তেওঁ বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য বিশিষ্ট লেখক সাহিত্যিক তৰেণ বড়োই নাটক, চুটি গল্প, উপন্যাস, কবিতা আদি বৰ্তমানলৈকে ১৪ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে। তেওঁক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বহুকেইটা বঁটা প্ৰদান কৰিছে। সেইসমূহৰ ভিতৰত অন্যতম হৈছে- জননেতা ভীমবৰ দেউৰী একতা বঁটা,মহম্মদ ইব্ৰাহিম আলী সাহিত্য বঁটা, অসম খেল আৰু সাংস্কৃতিক বঁটা,আহমদ আলী বাশখণ্ড সাহিত্য বঁটা, শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা আদি।

বড়ো তৰেণ বড়ো