/asomiyapratidin/media/media_files/2025/04/06/eQinKqsBa6kXGBPYy9l4.jpg)
কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ স্মৃতিচাৰণ অনুষ্ঠান
ডিজিটেল সংবাদ , নগাঁও : ৰামধেনু যুগৰ যশস্বী কথাশিল্পী তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত ভদ্ৰেশ্বৰ ৰাজখোৱাৰ এখন স্মৃতিচাৰণ সভা দেওবাৰে নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত অনুষ্ঠিত হয়। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে হোজাই জিলা আয়ুক্ত তথা সাহিত্যিক ৰাজখোৱাৰ জোঁৱাই বিদ্যুৎ বিকাশ ভাগৱতীয়ে। ভাষণ প্ৰসংগত ভাগৱতীয়ে সাহিত্যিক ৰাজখোৱাৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে, "ভদ্ৰেশ্বৰ ৰাজখোৱাক ৰামধেনু যুগৰ এজন সফল সাহিত্যিক । ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সৃষ্টিৰাজিত সাধাৰণ মানুহৰ জীৱন গাথা প্ৰতিফলিত হৈছে। ৰাজখোৱাৰ জীৱনশৈলী আছিল সহজ সৰল আৰু আদ্যৱন্ত পৰিয়ালৰ ব্যক্তি হৈও তেওঁ সাধাৰণ জীৱন যাপন কৰিছিল" বুলি ভাগৱতীয়ে উল্লেখ কৰে।
নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে সম্পাদনা কৰা ভদ্ৰেশ্বৰ ৰাজখোৱাৰ শ্ৰদ্ধাঞ্জলি গ্ৰন্থ "জেতুকা পাতৰ দৰে " উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই। ভাষণত ভট্টাচাৰ্যই ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি কয় যে, ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সাহিত্য হৃদয়স্পৰ্শী আছিল। গ্ৰাম্য জীৱনৰ এক সুন্দৰ ছৱি তেওঁৰ লিখনিত পোৱা যায়। দৰিদ্ৰ লোক সকলৰ সুখ - দুখ ,হৰ্ষ - বিষাদ আদিৰ খবৰ ৰাখিছিল ৰাজখোৱাই।এই খবৰবোৰ গ্ৰাম্য জীৱনৰ পটভূমিত তেওঁ সাহিত্যৰ মাজেৰে প্ৰকাশ কৰি পাঠক সমাজত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ এগৰাকী সৃজনশীল সাহিত্য ৰচনাৰ পথ প্ৰদৰ্শক।
আনহাতে ,সভাপতিৰ ভাষণত ড° শৰৎ বৰকটকীয়ে কয়, " বিশিষ্ট গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ গল্পত আছে গাঁৱৰ জীৱন গাঁথা। জীৱন আৰু সমাজৰ সঁচা ছবিখনৰ লগতে পৰম্পৰাগত গ্ৰাম্য জীৱন সত্তা ৰাজখোৱাৰ গল্পত নান্দনিক ৰূপত প্ৰকাশ হৈছে।"
সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে গ্ৰন্থখনৰ সম্পাদনাৰ আঁৰৰ কথা উল্লেখ কৰি ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সান্নিধ্য লাভ কৰাৰ কথা স্মৰণ কৰে। সভাৰ আৰম্ভণিতে প্ৰয়াত ভদ্ৰেশ্বৰ ৰাজখোৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৰাজখোৱাৰ পুত্ৰ তথা অসম চৰকাৰৰ বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়া বিনিময় ৰাজখোৱাই।