গহপুৰৰ লেখিকা বৰ্ণালী শইকীয়াক বীৰ চিলাৰায় দিৱসৰ কাৰ্য্যসূচীত সম্বৰ্ধনা

"অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা" লাভ কৰা গহপুৰৰ পুৰূপবাৰীৰ লেখিকা, সাহিত্যসেৱী বৰ্ণালী শইকীয়াক বুধবাৰে কলাবাৰী ৰাজহুৱা ভৱনত অনুষ্ঠিত বীৰ চিলাৰায় দিৱসৰ কাৰ্য্যসূচীত ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয়।

author-image
Asomiya Pratidin
New Update
গহপুৰৰ লেখিকা বৰ্ণালী শইকীয়াক বীৰ চিলাৰায় দিৱসৰ কাৰ্য্যসূচীত সম্বৰ্ধনা

গহপুৰৰ লেখিকা বৰ্ণালী শইকীয়াক বীৰ চিলাৰায় দিৱসৰ কাৰ্য্যসূচীত সম্বৰ্ধনা

ডিজিটেল সংবাদ, ছয়দুৱাৰ : অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম্ দ্বি-বাৰ্ষিক পাঠশালা অধিৱেশনত "অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা" লাভ কৰা গহপুৰৰ পুৰূপবাৰীৰ লেখিকা, সাহিত্যসেৱী বৰ্ণালী শইকীয়াক বুধবাৰে কলাবাৰী ৰাজহুৱা ভৱনত অনুষ্ঠিত বীৰ চিলাৰায় দিৱসৰ কাৰ্য্যসূচীত ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয়। অসমৰ সাহিত্যৰ ক্ষেত্ৰখনলৈ নিষ্ঠা আৰু সততাৰে আগবঢ়াই অহা সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয় বৰ্ণালী শইকীয়াক।

Advertisment

সেই উপলক্ষে বিশ্বনাথ জিলা বিজেপিৰ উদ্যোগত আৰু বিজেপিৰ গহপুৰ সমষ্টিৰ সহযোগত অনুষ্ঠিত বীৰ চিলাৰায় দিৱসৰ কাৰ্য্যসূচীত বঁটাপ্ৰাপক বৰ্ণালী শইকীয়াক এখন ফুলাম গামোচা আৰু সম্বৰ্ধনাপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। বিজেপিৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অসীম দাস, মণ্ডল সভাপতি জিতুল বৰা, যতীন মূদৈ, ক্ষিৰোদ ভূঞা, আহ্বায়ক মণ্ডলী নোমল বৰুৱা, হেম দলৈ, মুনিন্দ্ৰ দাস, নিপুল শইকীয়া আৰু গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ স্বাক্ষৰ সম্বলিত সম্বৰ্ধনা পত্ৰখনৰ জৰিয়তে লেখিকাগৰাকীক শলাগ লোৱা হয়।

জ্যেষ্ঠ বিজেপি নেতা নোমল বৰুৱাই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাৰ, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম দাস প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানটোত বীৰ চিলাৰায়ক স্মৰণ কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে-২০২৪ চনৰ ৫ চেপ্তেম্বৰত প্ৰকাশ পোৱা বৰ্ণালী শইকীয়াৰ তথ্য সমৃদ্ধ গ্ৰন্থ ৪২'ৰ শ্বহীদ কনকলতা বৰুৱা আৰু অন্যান্য শীৰ্ষক গ্ৰন্থৰ বাবে তেওঁক এইবাৰ প্ৰদান কৰা হয় অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা। কাব্য-সাহিত্যৰ চৰ্চাৰ মাধ্যমেৰে ভাষা আৰু জাতিক আগুৱাই নিবলৈ নিৰলসভাৱে সেৱা আগবঢ়াই অহা এগৰাকী নিষ্ঠাবান কবি,গল্পকাৰ,সাহিত্য সেৱী আৰু লেখিকা বৰ্ণালী শইকীয়াই তেওঁৰ যোগ্যতা আৰু দক্ষতাৰ ভিত্তিত উক্ত বঁটাৰে সন্মানিত হোৱাত তেওঁক বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে অভিনন্দন জনাইছে। 

গহপুৰৰ জ্যেষ্ঠ সাংবাদিক, কবি, সাহিত্যিক নগেন কোঁৱৰ, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অঞ্জন কুমাৰ ওজা,সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভুৱন শইকীয়া,বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ গগৈ, সাধাৰণ সম্পাদক শোভন চন্দ্ৰ শইকীয়া,চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সভাপতি বীৰেণ কাথ হাজৰিকা,সুৰভি সাহিত্য সমাজৰ প্ৰাক্তন সম্পাদক সিদ্ধেশ্বৰ হাজৰিকা, সাহিত্যিক, লেখিকা বৰ্ণালী কটকী ওজা, গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু)ৰ উপদেষ্টা ভাস্কৰ জ্যোতি ভূঞা, সাধাৰণ সম্পাদক বিপ্লৱ নেওগ,যুৱ সমাজকৰ্মী অজয় আগৰৱালা,নাট্যকাৰ,শিক্ষাবিদ দিলীপ কুমাৰ শৰ্মা,যুৱ সাংবাদিক,কবি বিপুল কুমাৰ দিহিঙীয়া,চাওচেঙৰ সভানেত্ৰী বিজুমণি বৰা,শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লোকেশ্বৰী সন্দিকৈ প্ৰমুখ্যে বিভিন্ন ব্যক্তি আৰু দল সংগঠনে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

বৰ্ণালী শইকীয়াক সম্বৰ্ধনা
বৰ্ণালী শইকীয়াক সম্বৰ্ধনা

 

গহপুৰ মহকুমাৰ গহপুৰ নগৰৰ পুৰুপবাৰী নিবাসী,প্ৰতিষ্ঠিত ব্যৱসায়ী অজিত বৰাৰ পত্নী বৰ্ণালী শইকীয়াই নিষ্ঠা আৰু সততাৰে অব্যাহত ৰখা কাব্য-সাহিত্যৰ চৰ্চাৰ মাধ্যমেৰে সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ, আকাংক্ষা, মৰম-অত্যাচাৰ আদিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে এক ইতিবাচক পদক্ষেপ। উল্লেখ্য যে ছাত্ৰী অৱস্থাৰ পৰা কাব্য-সাহিত্যৰ প্ৰতি অধিক ৰাপ থকা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ  বৰ্ণালী শইকীয়াই  প্ৰথমে  একাধিক অসমীয়া দৈনিক বাতৰি কাকতত বিভিন্ন লেখা প্ৰকাশ কৰি নিজৰ প্ৰতিভা ফুটাই তুলিছিল।

ইয়াৰ পিছতে তেওঁ লিখিবলৈ লয় ইটোৰ পিছত সিটোকৈ কবিতা আৰু গল্প। বৰ্ণালী শইকীয়াৰ কলমৰ পৰশত প্ৰাণ পাই উঠা কবিতাই শতক অতিক্ৰম কৰাৰ লগতে অণুগল্প,কথা গল্প আৰু গল্পৰ সংখ্যাই ছয় শতাধিক অতিক্ৰম কৰিছে।তেওঁৰ বিভিন্ন কবিতা,গল্প,কথা গল্প,অণুগল্প, প্ৰবন্ধ আদি একাধিক দৈনিক কাকত আৰু বিভিন্ন আলোচনীত প্ৰকাশ পোৱাৰ লগতে কিতাপ আকাৰেও প্ৰকাশ পাইছে।

২০২১ চনত বৰ্ণালী শইকীয়াৰ দুখন কিতাপ প্ৰকাশ পায়।ইয়াৰে প্ৰথমখন হ'ল অণুগল্প "অণুগল্পৰ ৰামধেনু" আৰু দ্বিতীয়খন হ'ল গল্প পুথি "প্ৰতিকৃতি।" ইয়াৰ পিছত ২০২২ চনত শিশু উপযোগী দুখন অণুগল্প ক্ৰমে "ৰং ৰং নানা ৰং" আৰু "জিলিঙনি" প্ৰকাশ পায়।বৰ্ণালী শইকীয়াৰ এই চাৰিখন কিতাপেই বিশেষ সমাদৰ লাভ কৰে পাঠক সমাজৰ মাজত। 

২০২৪ চনৰ ১৮ জানুৱাৰীত বৰ্ণালী শইকীয়াৰ "চিনাকি মাটিৰ সুবাস" নামেৰে আন এখন গ্ৰন্থ প্ৰকাশ পায়।ইয়াৰ উপৰিও বৰ্ণালী শইকীয়াই কেইবাখনো উপন্যাস, গল্প আৰু কবিতা পুথি প্ৰকাশৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকা বুলি জানিবলৈ দিছে।

chilarai divash