কাকমাৰাত ৩০ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দঃ আটক এজন

আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে লক্ষীপুৰ থানা এলেকাৰ চন্দ্ৰ পুৰ দ্বিতীয় খণ্ডৰ কাকমাৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dfg

ডিজিটেল সংবাদ,শিলচৰ: নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য। চুবুৰীয়া ৰাজ্যৰ পৰা কাছাৰৰ মাজেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহৰ সময়ত কাছাৰ আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩০ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী । ড্ৰাগছৰ সৈতে নগদ ৩ লাখ ৫০ হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে। 

Advertisment

গোপন তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে লক্ষীপুৰ থানা এলেকাৰ চন্দ্ৰপুৰ দ্বিতীয় খণ্ডৰ কাকমাৰাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল। অভিযানৰ সময়ত আৰক্ষীয়ে এজন লোকৰ পৰা ৯৮ হাজাৰ য়াবা টেবলেট জব্দ কৰে।  

কেইবাটাও পেকেটত লুকুৱাই অনা হৈছিল টেবলেট খিনি। জব্দ কৰা টেবলেট খিনিৰ ক'লা বজাৰত মূল্য প্ৰায় ৩০ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। আনহাতে, নিষিদ্ধ সামগ্ৰীখিনিৰ সৈতে নগদ ৩ লাখ ৫০ হাজাৰ টকা জব্দ কৰা লগতে এজন সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে, আৰক্ষীৰ এই সফলতাক লৈ নিজৰ এক্স হেণ্ডেল আৰু ফেচবুকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ আৰক্ষীৰ উচ্চ প্ৰশংসা কৰিছে।

শিলচৰ