ছেমি ফাইনেলৰ পূৰ্বে ৰোহিতকলৈ চিন্তিত ভাৰতীয় মেনেজমেণ্ট...

শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত কোহলি,ৰাহুল,সূৰ্যৰ ওপৰত আস্থা ৰাখিছে দ্ৰাবিড় আৰু মেনেজমেণ্টে
ৰোহিতকলৈ চিন্তিত দ্ৰাবিড়
ৰোহিতকলৈ চিন্তিত দ্ৰাবিড়

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে এই বৰ্ষৰ টি-২০ বিশ্বকাপ। এই মূহুৰ্তলৈ ভাৰতীয় ক্ৰিকেট দলে ছুপাৰ ১২ৰ এখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়বৰণ কৰাৰ বিপৰীতে বাকীকেইখন মেচত জয়লাভ কৰিছে।

সেই অনুসৰি দলীয় প্ৰদৰ্শনৰ ভিত্তিত সম্প্ৰতি ৰোহিত বাহিনী ছেমি ফাইনেলৰ দুৱাৰডলিত। ছেমি ফাইনেললৈ দলে যোগ্যতা অৰ্জন কৰিলেও মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰবিড় আৰু দলীয় মেনেজমেণ্টৰ একমাত্ৰ চিন্তাৰ কাৰণ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰদৰ্শন।

সুন্দৰ ফৰ্মত কোহলি,ৰাহুল,সূৰ্য
সুন্দৰ ফৰ্মত কোহলি,ৰাহুল,সূৰ্য

বিশ্বকাপত অধিনায়ক গৰাকীৰ প্ৰদৰ্শনে চিন্তিত কৰি তুলিছে প্ৰশিক্ষককে ধৰি মেনেজমেণ্টক। কিয়নো ছুপাৰ ১২ৰ মেচত ৰোহিতৰ প্ৰদৰ্শন আছিল অতি নিম্নমানৰ। এখন মেচকত অৰ্ধ শতকীয় ইনিংছ খেলিলেও বাকী মেচত ধাৰাবাহিকভাৱে ব্যৰ্থ। আত্মবিশ্বাসহীন শ্বট খেলি প্ৰতিবাৰেই পেভিলিয়নমুখী হৈছে ৰোহিত। অৱশ্যে শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত কোহলি,ৰাহুল,সূৰ্যৰ ওপৰত আস্থা ৰাখিছে দ্ৰাবিড় আৰু মেনেজমেণ্টে।

ছেমিৰ প্ৰাক ক্ষণত অপেনিঙত যিহেতু পৰীক্ষা নিৰীক্ষা চলোৱা সময় নাই সেই অনুসৰি পূৰ্বৰ দৰে ৰোহিত-ৰাহুলেই ইনিংছ মুকলি কৰিব। সেয়ে উক্ত মেচত ইংলেণ্ডৰ বিৰুদ্ধে অধিনায়ক ৰোহিত শৰ্মাৰ পৰা এটা ডাঙৰ ইনিংছ আশা কৰিছে প্ৰশিক্ষক,মেনেজমেণ্ট আৰু অনুৰাগী সকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in