/asomiyapratidin/media/media_files/2025/12/26/whatsapp-i-2025-12-26-09-25-18.jpeg)
ডিজিটেল ডেস্কঃ বাংলাদেশত পুনৰ গণ প্ৰহাৰৰ বলি হিন্দু ধৰ্মাৱলম্বী লোক। দীপু চন্দ্ৰ দাসক নিৰ্মমভাৱে হত্যা কৰি জ্বলাই দিয়াৰ কেইদিনমানৰ পাছতে বুধবাৰে নিশা ৰাজধানী ঢাকাৰ পৰা কিছু নিলগত ৰাজবাৰী জিলাৰ পাংশাত অমৃত মণ্ডল নামৰ এজন ২৯ বছৰীয়া যুৱকক একাংশই মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
অৱশ্যে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ অস্বীকাৰ কৰিছে। চৰকাৰে এক আনুষ্ঠানিক বিবৃতি জাৰি কৰি জনাই যে, এই হত্যাকাণ্ড কোনো ধৰ্মীয় বিদ্বেষৰ ফল নহয়। আৰক্ষীৰ প্ৰাথমিক তদন্তৰ উদ্ধৃতি দি চৰকাৰে দাবী কৰিছে যে, মৃত অমৃত মণ্ডল এজন তালিকাভুক্ত শীৰ্ষ অপৰাধী আছিল। তেওঁ ধন দাবী কৰিবলৈ যোৱাৰ সময়তে উত্তেজিত স্থানীয় ৰাইজৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হয়।
ইফালে, ছ’চিয়েল মিডিয়াত এই ঘটনাক লৈ বিয়পি পৰা ‘ভ্ৰান্ত তথ্য’ক লৈ চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে। চৰকাৰৰ মতে, এইটো এটা অপৰাধজনিত ঘটনাহে আছিল আৰু ইয়াৰ সৈতে ধৰ্মীয় কোনো সম্পৰ্ক নাই।
ইফালে, ভাৰতৰ অসমকে ধৰি বিভিন্ন প্ৰান্তত বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা নিৰ্যাতনক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিশেষকৈ দীপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ পাছত এই নতুন ঘটনাই সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us