/asomiyapratidin/media/media_files/2024/12/11/79u30UB6M1p1EEetcbBS.jpg)
ডিজিটেল ডেস্ক : দেশৰ জাহাজখণ্ডত নতুন মাত্ৰা প্ৰদান কৰিবলৈ জাহাজ আৰু বন্দৰ মন্ত্ৰাণালয়ে ইতিমধ্যে বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ প্ৰতি সঁহাৰি জনাই বিশ্বৰ প্ৰসিদ্ধ বহুকেইটা জাহাজ কোম্পানীয়ে ভাৰতত জাহাজ মেৰামতি আৰু নিৰ্মাণ কৰাৰ কাৰখানা স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে।
বিশ্বৰ প্ৰতিষ্ঠিত মেৰ্স্ক কোম্পানী ইয়াৰ ভিতৰত অন্যতম। বিশ্বৰ অন্যতম গৰিষ্ঠসংখ্যক জাহাজৰ নিৰ্মাণ আৰু মেৰামতিৰ সৈতে জড়িত এই কোম্পানীটোৱে ভাৰত চৰকাৰৰ সৈতে এই সন্দৰ্ভত এক চুক্তিও স্বাক্ষৰ কৰিব। জাহাজ মেৰামতি আৰু নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা নীতিকলৈ ইতিবাচক সঁহাৰি আগবঢ়াইছে কোম্পানীটোৱে। শীঘ্ৰেই এই সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাব।
এ পি মলাৰ-মাৰ্স্কৰ দক্ষিণ এছিয়াৰ ই এছ জি এণ্ড পাব্লিক এফেয়াৰ্ছৰ মুৰব্বী কেপ্তেইন প্ৰশান্ত উইজে কয় যে ভাৰতৰ জাহাজ নিৰ্মাণৰ বাবে এক বিশাল সম্ভাৱনা আছে আৰু আনৰ লগতে মাৰ্স্কেও জাহাজ নিৰ্মাণ আৰু জাহাজ মেৰামতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই উদ্যোগ হাতত লৈছে।