দুলুং সংৰক্ষিত বনাঞ্চলত বিস্ফোৰণ ঘটাব দ্বিতীয় বিশ্বযুদ্ধৰ ৫০০ কিলোগ্ৰাম ওজনৰ বোমা

২০২৪ চনত দুলুং নদীত উদ্ধাৰ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা। এই বোমা দুটাৰ ভিতৰত এটাৰ ওজন ৫০০ কিলোগ্ৰাম আৰু আনটোৰ ওজন ১০০ কিলোগ্ৰাম।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
দুলুং সংৰক্ষিত বনাঞ্চলত বিস্ফোৰণ ঘটাব দ্বিতীয় বিশ্বযুদ্ধৰ ৫০০ কিলোগ্ৰামৰ ওজনৰ বোমা

দুলুং সংৰক্ষিত বনাঞ্চলত বিস্ফোৰণ ঘটাব দ্বিতীয় বিশ্বযুদ্ধৰ ৫০০ কিলোগ্ৰামৰ ওজনৰ বোমা

ডিজিটেল ডেস্ক : ২০২৪ চনত দুলুং নদীত উদ্ধাৰ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা। এই বোমা দুটাৰ ভিতৰত এটাৰ ওজন ৫০০ কিলোগ্ৰাম আৰু আনটোৰ ওজন ১০০ কিলোগ্ৰাম। এই দুয়োটা সক্ৰিয় বোমা আজি দুলং সংৰক্ষিত বনাঞ্চলত বিস্ফোৰণ ঘটাব প্ৰশাসনে।

Advertisment

বিস্ফোৰণৰ প্ৰাকমুহূৰ্তত লখিমপুৰ জিলা প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। জিলা আয়ুক্তৰ নিৰ্দেশনা অনুসৰি দুলুং সংৰক্ষিত বনাঞ্চল এলেকাৰ ৩.৫ কিঃ মিঃ লৈকে নিষিদ্ধ কৰা হৈছে সাধাৰণ লোকৰ প্রৱেশ। একেদৰে স্থানীয় গাঁও পঞ্চায়তৰ পৰাও সতৰ্ক বাণী প্রেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে ইতিমধ্যে দুলুং সংৰক্ষিত বনাঞ্চলৰ বিস্ফোৰণস্থলীত উপস্থিত হৈছে আৰক্ষী- প্ৰশাসন তথা অগ্নিনিৰ্বাপক বাহিনীৰ লোক। সাজু কৰি তুলিছে বিস্ফোৰণস্থলী। তাৰোপৰি সাধাৰণ লোকে যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবেও কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে প্ৰশাসনে।  

lakhimpur world war