/asomiyapratidin/media/media_files/2025/06/14/cu7Fzr4BeXueDVnCYJcA.jpg)
ডিজিটেল ডেস্ক : আৰু মাত্ৰ ৬৯ ৰান। এই ৰান সম্পূৰ্ণ কৰিব পাৰিলেই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব ল’ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড। ক্ৰিকেটৰ সবাতোকৈ সন্মানীয় বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ অষ্ট্ৰেলিয়াৰ মুখৰ আগৰ পৰা বীৰৰ দৰে আজুৰি আনিব পাৰিব দক্ষিণ আফ্ৰিকাই।
বিশ্ব ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ অন্য এটা নাম আছে। সেয়া হ’ল আনলাকী দক্ষিণ আফ্ৰিকা। কেইবাবাৰো, কেইবাখনো প্ৰতিযোগিতাত খিতাপৰ দুৱাৰডলিৰ পৰা বিমুখ হোৱাৰ নজিৰ আছে দলটোৰ। কাকতলীয়ভাৱে একে দশা আছিল আই পি এলৰ ফ্ৰেন্সাইজী ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ক্ষেত্ৰতো। পিছে সেই কালিমা এইবাৰ আৰ চি বিয়ে ১৮ বছৰৰ মূৰত আঁতৰালে।
লক্ষ্যণীয়ভাৱে দক্ষিণ আফ্ৰিকাইয়ো এই কালিমা আঁতৰ কৰাৰ দিশে আগবাঢ়িছে ল’ৰ্ডছত চলি থকা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চূড়ান্ত খেলখনত। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ গৰাহৰ পৰা পুনৰ জী উঠিছে দলটো। অধিনায়ক বাভুমা আৰু মাৰ্কৰামে সাহসী আৰু ৰক্ষণাত্মক বেটিঙৰে দলক পুনৰ মূৰ দাঙি থিয় কৰাইছে।
এতিয়া বহু ক্ৰিকেট অনুৰাগীৰ মুখে মুখে এটা কথা- ক্ৰিকেট যে অনিশ্চিয়তাৰে ভৰা খেল, সেই কথা পুনৰ প্ৰমাণ কৰিবলৈ ওলাইছে দক্ষিণ আফ্ৰিকাই। যদিহে সকলো ঠিকে থাকে তেন্তে আজিয়েই নিৰ্ণয় হ’ব চেম্পিয়ন কোন হ’ব। পিছে এই দৌৰত কাৰ্যতঃ দঃ আফ্ৰিকাই আছে আগত।
উল্লেখযোগ্য যে, মেচখনৰ দ্বিতীয় ইনিংছত বাভুমা নেতৃত্বাধীন দলটোৱে দুটা উইকেট হেৰুৱাই ২১২ ৰানত বেটিং কৰি আছে। তৃতীয় দিনৰ অন্তত দলটোৰ হাতত সময় আৰু উইকেট দুয়োটাই আছে যিহেতু মাত্ৰ ৬৯ ৰানৰ লক্ষ্য অনাসয়ে পাৰ কৰিব পৰা ক্ষমতা আছে। যদি এয়া সম্ভৱ হয়, তেন্তে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব ল’ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড।