আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস…

আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস…

author-image
Dimpul Borgohain
New Update
আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস…

ডিজিটেল ডেস্কঃ গছে যেনেকৈ ফল নিদিলেও, ছাঁ দি পৰিৱেশ শীতল কৰে। বয়োজ্যেষ্ঠ লোকেও উপাৰ্জন নকৰিলেও, অভিজ্ঞতা আৰু আশীৰ্বাদ দি ঘৰখন সুখী কৰে। এই জ্যেষ্ঠ লোকসকলক আমি শ্ৰদ্ধা আৰু সন্মান জনাই অহাতো অতি প্ৰয়োজন।

আজিৰ এই আধুনিক যুগত বহু সময়তে দেখা যায় যে সন্তানে বৃদ্ধ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থৈ আহে। কিন্তু এই কথা সম্পূৰ্ণ ভুল। কিয়নো জন্মৰে পৰা পিতৃ-মাতৃয়ে সন্তানক জীৱনৰ সকলো কথাই শিকাই যায়। কিন্তু এবাৰ ডাঙৰ হোৱাৰ পাছত বহু এনে সন্তান আছে যি নিজৰ বয়োজ্যেষ্ঠ পিতৃ-মাতৃক প্ৰয়োজন নোহোৱা বুলি ভাবি এৰি থৈ আহে আশ্ৰম।

৮ আগষ্ট, ২০২১। আজিৰ এই দিনটোতে বিশ্বজুৰি পালন কৰা হয় বিশ্ব বয়োজ্যেষ্ঠ নাগৰিক দিৱস হিচাপে। আজিৰ এই দিৱসটিত জ্যেষ্ঠ লোকসকলৰ এখন সমাজত অৱদান আৰু ভূমিকাৰ বাবে উদযাপন কৰা হয়। আমাৰ বেছিভাগেই স্বাস্থ্যৱান আৰু বিকলাঙ্গতা বা ৰোগমুক্ত দীঘলীয়া জীৱনৰ বাবে প্ৰাৰ্থনা কৰো। কিন্তু বয়স বৃদ্ধি হোৱাৰ লগে লগে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে।  জ্যেষ্ঠ নাগৰিকসকল হৈছে এখন ৰাষ্ট্ৰ বা সমাজৰ বাবে প্ৰকৃত সম্পদ। তেওঁলোকৰ বাবে নিজৰ যত্ন লোৱাটো অত্যাৱশ্যকীয়।

বাৰ্ধক্য হৈছে এক প্ৰাকৃতিক প্ৰক্ৰিয়া যি অৱশ্যেই মানৱ জীৱন চক্ৰত হয়। ই বৃদ্ধ সকলৰ জীৱনত বহুতো প্ৰত্যাহ্বান আনিছে, যিবোৰ বেছিভাগ তেওঁলোকৰ শৰীৰ, মন, চিন্তা প্ৰক্ৰিয়া আৰু জীৱিত প্ৰকাৰৰ পৰিৱৰ্তনৰ দ্বাৰা প্ৰস্তুত কৰা হয়।

আমি সকলোৱে জ্যেষ্ঠ নাগৰিক সকলক ব্যক্তি হিচাপে আমাৰ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে।  আজিৰ এই বিশেষ দিনটো তেওঁলোকৰ নামত। কিয়নো জ্যেষ্ঠ জনে শিকাই নগ'লে কনিষ্ঠজনে শিকাৰ কোনো পথ নাই। সেয়েহে আজি উদযাপন কৰা হৈছে বিশ্বজুৰি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস।

জ্যেষ্ঠ নাগৰিক দিৱস