দেশৰ শীৰ্ষ ১০ খন চৰকাৰী বিদ্যালয়ৰ তালিকাত দিল্লীৰ ৫ খন বিদ্যালয়ঃ স্থান নাই অসমৰ...

author-image
Asomiya Pratidin
New Update
দেশৰ শীৰ্ষ ১০ খন চৰকাৰী বিদ্যালয়ৰ তালিকাত দিল্লীৰ ৫ খন বিদ্যালয়ঃ স্থান নাই অসমৰ...

eduaction

ডিজিটেল ডেস্কঃ এড্যুকেশ্যন ৱৰ্ল্ড ৰেংকিঙত দেশৰ শীৰ্ষ ১০ খন চৰকাৰী শিক্ষানুষ্ঠানৰ তালিকাত নাই এখনো অসমৰ শিক্ষানুষ্ঠান। ইয়াৰ বিপৰীতে এই তালিকাত শীৰ্ষ ১০ খন শিক্ষানুষ্ঠানৰ ভিতৰত দিল্লীৰ দুখনকৈ শিক্ষানুষ্ঠানে শীৰ্ষ স্থান অধিকাৰ কৰাৰ উপৰিও মুঠ ৫ খন বিদ্যালয়ে তালিকাত স্থান লাভ কৰিছে।

Advertisment

উল্লেখ্য যে দিল্লীৰ শিক্ষা ব্যৱস্থা আৰু অসমৰ শিক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত টুইটাৰ যুদ্ধও সংঘটিত হৈছিল। এই যুঁজত নামি পৰিছিল অসমৰ কেইবাজনো মন্ত্ৰীও।

পিছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ ৰাজ্য চৰাকাৰে এইদৰে ঢাক-ঢোল বজোৱাৰ সময়তে প্ৰকাশিত এই তালিকাত অসমৰ এখনো শিক্ষানুষ্ঠানে স্থান লাভ নকৰাত এতিয়া অসমৰ শিক্ষা ব্যৱস্থাক লৈ উত্থাপন হোৱা বিভিন্ন প্ৰশ্নক পুনৰ প্ৰাসংগিক কৰি তুলিছে।

উল্লেখ্য যে ২০২২-২৩ বৰ্ষৰ এড্যুকেশ্যন ৱৰ্ল্ড ৰেংকিং অনুসৰি ১০ খন শীৰ্ষ বিদ্যালয়ৰ ভিতৰত ৭ খন ৰাজ্যৰ বিদ্যালয়ে স্থান লাভ কৰিছে। এই ৰাজ্য কেইখন হৈছে দিল্লী, কেৰালা, মহাৰাষ্ট্ৰ, ওড়িশা, পশ্চিম বংগ, পঞ্জাৱ, হাৰিয়ানা আৰু মধ্য প্ৰদেশ।

প্ৰকাশিত তালিকা অনুসৰি শীৰ্ষস্থান দখল কৰিছে দিল্লীৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, ছেক্টৰ -১০ দ্বাৰকা। দ্বিতীয় স্থানত আছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, যমুনা বিহাৰ(দিল্লী)।

আনহাতে তালিকাৰ তৃতীয় স্থানত কেৰালাৰ জি ভি এইছ এছ এছ ফৰ গাৰ্লছ, নাডাক্কাভু কোঝিকোড়ে। চতুৰ্থ স্থানত আছে মুম্বাইৰ ৱৰ্লী ছিফেচ মুম্বাই পাব্লিক ইংলিছ স্কুল, পঞ্চম স্থানত ওড়িশাৰ গঞ্জামৰ ওড়িশা আদৰ্শ বিদ্যাপীঠ।

তালিকাৰ ষষ্ঠস্থানত আছে কলকাতাৰ যাদৱপুৰ বিদ্যাপীঠ, সপ্তম স্থানত চণ্ডীগড়ৰ গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, অষ্টম স্থানত চণ্ডীগড়ৰে গৰ্ভাণ্টমেণ্ট মডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ছেক্টৰ ১৬।

নৱম স্থানত আছে দিল্লীৰ দুখন আৰু ভূপালৰ এখন বিদ্যালয় আৰু দশম স্থান দখল কৰিছে ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়, সুৰজমল বিহাৰ, দিল্লীয়ে। মন কৰিবলগীয়া যে ২০১৫ ত এই তালিকাত দিল্লীৰ মাত্ৰ এখন চৰকাৰী বিদ্যালয়েহে স্তান লাভ কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ২০২১ ত ৪ খন বিদ্যালয়ে শীৰ্ষ ১০ খন বিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছিল। আৰু এইবাৰ মুঠ ৫ খন বিদ্যালয়ে এই তালিকাত স্থান লাভ কৰাৰ লগতে শীৰ্ষ ২ টা স্থানতেই দিল্লীৰ বিদ্যালয়ে স্থান অধিকাৰ কৰিছে।

দিল্লীৰ শিক্ষানুষ্ঠানৰ এনে সফলতাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটাৰৰ জৰিয়তে দিল্লীৰ শিক্ষাবিভাগক ধন্যবাদ জ্ঞাপন কৰিছে।

assam delhi arvinda kejriwal himanta biswa sarma