/asomiyapratidin/media/media_files/2025/10/09/new-ap-web-1-27-2025-10-09-08-39-41.jpg)
ডিজিটেল ডেস্কঃ হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, এক্সকে ধৰি সামাজিক মাধ্যমৰ এই জয়জয়কাৰ অৱস্থাত, চিঠিৰ আদান-প্ৰদান শূন্য হৈ পৰাই নহয়, ডাক যোগে নথি-পত্ৰ অহা দেখিলে মানুহ আচৰিতহে হৈ পৰে। অথচ কিছু বছৰৰ আগলৈকে মানুহে খবৰ তথা নথি-পত্ৰ আদান-প্ৰদানৰ বাবে অতি আশাৰে বাট চাই ৰৈছিল ডাকোৱালগৰাকীলৈ। সঘন অহাযোৱা চলিছিল ডাকঘৰলৈ। প্ৰতিদিনেই ভৰি থাকিছিল ডাক বক্সবোৰ।
সময়ৰ পৰিবৰ্তনৰ লগে লগে ডাক ঘৰৰ সেই ব্যস্ততা হ্ৰাস পালে। চিনাকী ডাকোৱালবোৰৰ পদুলিৰ সন্মুখেৰে অহাযোৱা বন্ধ হ’ল। চিঠিৰ জৰিয়তে আত্মীয়ৰ খবৰ লোৱা, প্ৰিয়জনৰ সৈতে ভাল লগা, ভাল পোৱা কথাৰ আদান-প্ৰদান নোহোৱা হ’ল। চৰকাৰী চাকৰিৰ নিয়োগ পত্ৰই হওঁক বা অন্যান্য চৰকাৰী পত্ৰই হওঁক ডাকোৱাল জনে ঘৰত দিবলৈ অহাৰ প্ৰয়োজনীয়তাও নোহোৱা হ’ল।
মোবাইলৰ জৰিয়তে ভিডিঅ’ কলৰ কৰি মুহূৰ্ততে এতিয়া পৃথিৱীৰ যিকোনো প্ৰান্তত থকা এজন ব্যক্তিৰ সৈতে কথা পতাৰ যুগ এয়া। ইমেইলত নিযুক্তি পত্ৰ প্ৰেৰণ অথবা চৰকাৰী ৱেবচাইটৰ পৰা ডাউনলোড কৰাৰ সময় এয়া। মোবাইলৰ টেক্সট মেচেজেই নহয়, মন গলেই হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, এক্স আদিৰ জৰিয়তে মেচেজ এটা দি খবৰ লোৱাৰ সময় এয়া।
প্ৰযুক্তিৰ এনে অগ্ৰগতিয়ে চিঠিৰ প্ৰয়োজনীয়তা নোহোৱা কৰিলে। নোহোৱা হ’ল প্ৰিয় জনৰ চিঠিলৈ অপেক্ষাৰ সময়ৰ বুকুত ধৰা মিঠি মিঠা বিষৰ অনুভৱ। নোহোৱা হ’ল হঠাত ডাকোৱালে আহি ঘৰত দি যোৱা চৰকাৰী নিযুক্তিপত্ৰ লাভৰ পাছৰ সেই অনাবিল আনন্দ। ডাকোৱালক দেখিলেই আমালৈয়ো আহিছে নেকি কাৰোবাৰ খবৰ বুলি ৰৈ ৰৈ চাই থকাৰ সময়খিনিৰ মাদকতাও নোহোৱা হ’ল।
তাৰ মাজতো এই সকলোখিনিৰে স্মৃতি সজীৱ কৰি আজিও গাঁৱে গাঁৱে আছে ডাকঘৰৰ উপস্থিতি। গৌৰৱেৰে সোঁৱৰাই আছে গাঁৱৰ পৰা চহৰলৈ, চহৰৰ পৰা নগৰলৈ, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ, বিদেশলৈ সংযোগ স্থাপনৰ আটাইতকৈ পুৰণি আৰু নিৰ্ভৰযোগ্য সেৱাৰ গৌৰৱ গাঁথা।
মোবাইলবিহীন, টেলিফোনৰ ব্যৱহাৰ নথকা দিনৰ পৰা জীৱনৰ সকলো স্তৰৰ মানুহে তেওঁলোকৰ বাৰ্তাবোৰ চিঠি–পত্ৰৰ জৰিয়তে ইজনে সিজনক প্ৰেৰণ কৰিছিল। প্ৰশাসনৰ যিকোনো কামে হওঁক বা সীমান্তৰ সৈনিকসকলৰ সৈতে কথা পতাৰ বাবেই হওঁক ডাক সেৱাই যোগাযোগৰ সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা হিচাপে ইয়াৰ ভূমিকা পালন কৰিছিল।
ভাৰতৰ ডাক নেটৱৰ্ক বিশ্বৰ ভিতৰতে আটাইতকা ডাঙৰ। ভাৰতত আজিও সক্ৰিয় হৈ আছে ১৬৪,৯৯৯ টা ডাকঘৰ। ইয়াৰে ৮৯ শতাংশ ডাকঘৰ এতিয়াও অৱস্থিত গ্ৰামাঞ্চলত। এই মুহূৰ্তত এই ডাকঘৰ সমূহে পৰম্পৰাগত বাৰ্তা বাহকৰ ভূমিকা পালনৰ লগতে ই-কমাৰ্চ, বেংকিং আৰু চৰকাৰী পেমেণ্ট বিতৰণ আদিৰ কাম কৰি আহিছে।
সামাজিক মাধ্যমৰ পয়োভৰৰ মাজতো ভাৰতত ২০১৭ চনৰ পৰা ২০২২ চনলৈ মাওবাদী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত জিলাসমূহত ৪,৯০০ৰো অধিক নতুন শাখা ডাকঘৰ মুকলি কৰা হৈছে। অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহক সামৰি লোৱা হৈছে।
২০২৩-২৪ বিত্তীয় বৰ্ষৰ ভিতৰত ডাক বিভাগে বেংকবিহীন গাঁৱত ৫,৭০০ৰো অধিক নতুন ডাকঘৰ মুকলি কৰিছে এই পদক্ষেপে প্ৰতিখন গাঁৱে ৫ কিলোমিটাৰৰ ভিতৰত বেংকিং সুবিধা লাভ কৰাটো নিশ্চিত কৰিছে।, যাৰ ফলত সঞ্চয়, বীমা, চৰকাৰী আঁচনি, আৰু ডিজিটেল সেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে গ্ৰামাঞ্চলৰ ৰাইজ।
অসমৰ ডাক চক্ৰক মুঠ ৯ টা ডাক সংমণ্ডল আৰু ২ টা আৰ এম এছ সংমণ্ডলৰে গঠিন কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১৯টা মুখ্য ডাকঘৰ, ৬০৫টা উপ-ডাকঘৰ আৰু ৩৩৮৩টা শাখা ডাকঘৰ। প্ৰায় ৭৮৪৪০০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি অসমৰ ডাক চক্ৰই ডাক সেৱা প্ৰদান কৰি আহিছে। assampost.gov.in ৰ তথ্য অনুসৰি এই সেৱাই প্ৰতিদিনে প্ৰায় ১০ লাখ সামগ্ৰী প্ৰক্ৰিয়াকৰণ কৰে।
২১৬ টা ডাকঘৰৰ আধাৰ কেন্দ্ৰৰ জৰিয়তে আধাৰ সেৱা (নামভৰ্তি আৰু উন্নীতকৰণ) প্ৰদান কৰি আৰু সমগ্ৰ অসমত ডাক জীৱন বীমা(PLI) আৰু গ্ৰাম্য ডাক জীৱন বীমা(RPLI) সেৱা প্ৰদান কৰি সমাজৰ দুৰ্বল শ্ৰেণীক বিত্তীয় অন্তৰ্ভুক্তিৰে এটা ছাতিৰ অধীনলৈ অনাৰ বাবে প্ৰচেষ্টা চলাইছে।
ডাক সেৱাৰ এই মিঠা অথচ কৰুণ সোঁৱৰণ আৰু ইয়াৰ কাৰ্যপ্ৰণালীক এইদৰে আলোচনাৰ কাৰণ- আজি বিশ্ব ডাক দিৱস। প্ৰতিবছৰে আজিৰ দিনটোত অৰ্থাৎ ৯ অক্টোবৰত বিশ্ব ডাক দিৱস পালন কৰা হয়। দৰাচলতে দৈনন্দিন জীৱনত পোষ্টমেনৰ পদটোৰ ভূমিকা উদযাপন কৰিবলৈ প্ৰতি বছৰে এই দিৱয় উদযাপন কৰা হয়। উল্লেখ্য যে, ১৮৭৪ চনৰ ৯ অক্টোবৰতে ছুইজাৰলেণ্ডত জন্ম হৈছিল বিশ্ব ডাক সংস্থাৰ। সেয়ে এই দিনটোক বিশ্ব ডাক দিৱস হিচাপে পালন কৰি অহা হৈছে। প্ৰতিবাৰেই বিশ্ব ডাক দিৱসৰ একোটাকৈ থিম থাকে। এইবাৰৰ থিম হৈছে ‘জণগনৰ বাবে ডাকঃস্থানীয় পৰিসেৱা, বৈশ্বিক পৰিসৰ’।