প্রাগজ্যোতিষ মহাবিদ্যালয়ত বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন

আজিৰ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট ফটো সাংবাদিক অনুপম নাথ।

New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ  আজি ১৯ আগষ্ট, সৰ্বত্ৰে উদযাপন কৰা হৈছে বিশ্ব ফটোগ্ৰাফী দিৱস। সমান্তৰালকৈ মহানগৰীৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান প্রাগজ্যোতিষ মহাবিদ্যালয়তো বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হয়।

Advertisment

IQAC ৰ সহযোগত প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত ফটো সাংবাদিকতা সন্দৰ্ভত এখন মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট ফটো সাংবাদিক অনুপম নাথ।

তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ফটো সাংবাদিকতাৰ ক্ষেত্ৰখনৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ সন্দৰ্ভত মত বিনিময় কৰে। লগতে ফটো সাংবাদিকতাৰ ক্ষেত্ৰত কপিৰাইট সন্দৰ্ভতো আলোকপাত কৰে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, অনুপম নাথে ২০০১ চনত নিউয়ৰ্কত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছত যোগদান কৰিছিল। এ পি ত যোগদান কৰাৰ পূৰ্বে নাথে ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক বাতৰি কাকতত ষ্টাফ ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছে। 

অনুপম নাথে ১৯৯৫ চনৰ পৰাই অশান্ত উত্তৰ-পূব ভাৰতক লৈ কাম কৰি আহিছে, য’ত তেওঁ উগ্ৰপন্থী, জাতিগত সংঘৰ্ষ, বানপানী, ভূমিকম্প, ৰে’ল দুৰ্ঘটনা, উৎসৱ আৰু ক্ৰীড়া আদিৰ বিষয়ে আলোচনা কৰি আহিছে।

উল্লেখযোগ্য যে, আজিৰ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ মনোজ কুমাৰ মহন্তই অধিৱেশনৰ আদৰণি ভাষণ প্ৰদান কৰে। লগতে বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা তথা ছাত্ৰ-ছাত্ৰী সকলে এই  অধিৱেশনত অংশগ্ৰহণ কৰে।

photography day বিশ্ব ফটোগ্ৰাফী দিৱস