বহু চৰ্চিত বিশ্বৰ দীৰ্ঘতম দলং উন্মোচন

বহু চৰ্চিত বিশ্বৰ দীৰ্ঘতম দলং উন্মোচন

author-image
asomiyapratidin
New Update
বহু চৰ্চিত বিশ্বৰ দীৰ্ঘতম দলং উন্মোচন

ডিজিটেল ডেস্কঃ বহু চৰ্চিত ৫৫ কিঃমিঃ দৈৰ্ঘৰ বিশ্বৰ দীৰ্ঘতম দলংখন মঙলবাৰে চীনত আনুষ্ঠানিকভাৱে উন্মোচন হোৱাৰ লগে লগে বিশ্বৰ প্ৰযুক্তিত এক নতুন অধ্যায়ৰ সূচনা হৈছে৷ হংকংৰ মকাও আৰু চুংহুই চহৰ সংলগ্ন কৰা দলংখন মঙলবাৰে আড়ম্বৰপূৰ্ণ এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰে চীনৰ ৰাষ্ট্ৰপতি চি চিনফিঙ্গে।

Advertisment

প্ৰায় ২০ আৰব ডলাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখন যাতায়তৰ বাবে মুকলি কৰি দিয়া হ'ব বুধবাৰে। চীনৰ লিঙ্গদিঙয়াঙ্গ জলক্ষেত্ৰৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনেই সাগৰত নিৰ্মাণ কৰা বিশ্বৰ সবাতোকৈ দীৰ্ঘতম দলং।

এই দলংখনৰ জৰিয়তে চীনৰ হংকংৰ পৰা চুংহুই চহৰলৈ যাত্ৰাৰ বাবে পূৰ্বতে প্ৰয়োজন হোৱা ৩ ঘণ্টা সময়ৰ বিপৰীতে এতিয়া প্ৰয়োজন হব মাথোঁ ৩০ মিনিট সময়। প্ৰায় ৭০০ জন অতিথিৰ উপস্থিতিত মুকলি কৰা এই দলংখনে চীনৰ বাণিজ্যৰ ক্ষেত্ৰত সহায়ক হ'ব বুলিও মতপোষণ কৰে চীনৰ প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে, কিছুদিনে পূৰ্বেও চীনে মুকলি কৰিছিল বিশ্বৰ ভিতৰতে দীৰ্ঘতম এখন গ্লাচৰ দলং। ৪৩০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন চীনৰ হুুনান প্ৰান্তত নিৰ্মাণ কৰা হৈছিল। ভূখণ্ডৰ পৰা ৩০০ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা এই দলংখনত প্ৰতিদিনে ৮০০০ জন যাত্ৰীৰ অহা-যোৱা কৰাৰ বাবে অনুমতি প্ৰদান কৰে প্ৰশাসনে।