দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন: ফুৰা-তাৰাৰ চৰণত চৰাইদেউ প্ৰেছ ক্লাবৰ বন্তি প্ৰজ্বলন

দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন: ফুৰা-তাৰাৰ চৰণত চৰাইদেউ প্ৰেছ ক্লাবৰ বন্তি প্ৰজ্বলন

author-image
Asomiya Pratidin
New Update
দিল্লীত বিশ্ব ঐতিহ্য সমিতিৰ অধিৱেশন: ফুৰা-তাৰাৰ চৰণত চৰাইদেউ প্ৰেছ ক্লাবৰ  বন্তি প্ৰজ্বলন

ডিজিটেল সংবাদ,চৰাইদেউঃ দেওবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে এই অধিৱেশন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে এই অধিৱেশনৰ উদ্বোধন কৰিব।

Advertisment

উক্ত অধিৱেশনত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই ইউনেস্ক'ৰ বিশ্বৰ ঐতিহাসিক ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ দিশে অগ্ৰসৰ হোৱা প্ৰাকক্ষণত দেওবাৰে চৰাইদেউ মৈদাম চৌহদত থকা স্থায়ী চাও চি ৰেন গৃহত চৰাইদেউ প্ৰেছ ক্লাব আৰু স্থানীয় ৰাইজে ফুৰা-তাৰাৰ চৰণত সেৱা জনাই৷ চৰাইদেউ মৈডামক্ষেত্ৰই বিশ্ব ঐতিহ্য থলীৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত যাতে কোনো বাধা বিঘিনি নাহে তাৰ বাবে উপৰি পুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰি  বন্তি প্ৰজ্বালন কৰে ৷

উল্লেখ্য যে ইজিপ্তৰ পিৰামিডৰ সদৃশ আহোম ৰজা আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ সমাধি ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্রই ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰিলে ছশ বছৰীয়া আহোম ৰাজত্বৰ ইতিহাসে অন্যতম এক মাত্ৰা লাভ কৰিব । যাৰবাবে অসমবাসীৰ লগতে চৰাইদেউবাসীয়ে অধিক আগ্ৰহৰে ভাল খবৰ বাবে আশাৰে বাট চাই আছে৷

মনকৰিবলগীয়া যে ২১ জুলাইত আৰম্ভ হৈ ৩১জুলাইত এই অধিৱেশনৰ সামৰণি পৰিব। ইউনেস্ক’ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতত এই বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকৰ কাৰণে ভাৰতৰ হৈ ৰাষ্ট্রদূত বিশাল শৰ্মাক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হৈছে। এই অনুষ্ঠানত সোনাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি সংশ্লিষ্ট বিভাগীয় বিষয়াসকলে অংশগ্ৰহণ কৰিছে ৷

Also Read: কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু...

charaideo narendra modi unesco