/asomiyapratidin/media/media_files/2025/06/05/eMCTONSBu1jCyL97czvn.jpg)
প্ৰাগজ্যোতিষ কমিউনিকেচনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন
ডিজিটেল সংবাদ,মায়ংঃ অসমৰ এটা বেচৰকাৰী সংগঠন প্ৰাগজ্যোতিষ কমিউনিকেচনৰ উদ্যোগত মৰিগাঁও জিলা পৰিষদৰ সহযোগত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । নিপকো, ইউ এন ই পি এন টি পি চি ,আই চি আই চি আই বেংক,মায়ং গাঁও পঞ্চায়তৰ সহযোগত উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চিত্ৰাংকন, কুইজ, ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মুকলি সভা এখনো অনুষ্ঠিত হয়।
পুৱাৰ ভাগত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰে নিপকোৰ ডি জি এম অভিষেক কুমাৰ আৰু প্ৰাগজ্যোতিষ কমিউনিকেচনৰ অধ্যক্ষ দিপাংকৰ হাজৰিকাই। ইয়াৰ পিছতেই পৰিৱেশ সুৰক্ষাৰ হকে সজাগতা সৃষ্টিৰ বাবে মায়ঙৰ ৰাজপথত এক বিশেষ শোভাযাত্ৰা উদ্বোধন কৰে পবিতৰাৰ প্ৰাক্তন বনাঞ্চলিক বিষয়া তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বন বিষয়া মুকুল তামুলীয়ে। শোভাযাত্ৰাত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে-হাতে পৰিৱেশ সুৰক্ষাৰ প্লে' কাৰ্ড লৈ অংশগ্ৰহণ কৰা দেখা যায়। শোভাযাত্ৰাত উপস্থিত থাকে নিপকোৰ চাৰি গৰাকী বিষয়া, মায়ঙৰ সমাজকৰ্মী মুকুত বিষয়া, দিপন কাঠাৰ আৰু ভালে সংখ্যক বিশিষ্ট ব্যক্তিও। পৰিৱেশ শোভাযাত্ৰাৰ পাছতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ভাগে ভাগে চিত্ৰাংকন প্ৰতিযোগিতা, থিতাতে লিখা ৰচনা প্ৰতিযোগিতা আৰু মুকলি কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
প্ৰতিযোগিতাসমূহ অন্ত পৰাৰ পাছতেই কাৰ্যসূচী সমন্বয়ক ড০ উৎপল নাথ আৰু নজৰুল ইছলামে আঁত ধৰা মুকলি সভাত সভাপতিত্বত কৰে প্ৰাগজ্যোতিষ কমিউনিকেচনৰ অধ্যক্ষ দিপাঙ্কৰ হাজৰিকাই। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই অভিজিত শৰ্মা বৰুৱা,হাতী বন্ধুৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰা, মেঘনা হাজৰিকা,পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা,পৰিৱেশ কৰ্মী উৎপল বাদল বৰুৱা, অধ্যাপিকা ড০ দেৱযানী দুৱৰাই। মুকলি সভাত উপস্থিত থাকে মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰাপদ শইকীয়া, মায়ং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কবিতা ডেকা, ক্ৰীড়া সংগঠক মনোজ নাথ।উক্ত সভাতেই পবিতৰা শীৰ্ষক বাৰ্ষিক আলোচনীখনো উন্মোচন কৰা হয়। সভাৰ শেষত দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ কৰে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ আৰু জিলা পৰিষদৰ অভিযন্তা হিতেশ ডেকাই। ইপিনে ঝাৰগাঁও পঞ্চায়তৰ বালিমুখতো একাংশ সচেতন যুৱকে বালিমুখ বজাৰ, বৰী, আতিগাঁও, চপৰাপাৰ আদি ঠাইত দুশ গছ পুলি ৰোপণ কৰে।