বিশ্ব পৰিৱেশ দিৱস উদ্দেশ্যে চৰাইদেউত চাইকেল সমদল

কঠীয়াতলী,নলবাৰীত গছপুলি ৰোপণ...

author-image
Asomiya Pratidin
New Update
বিশ্ব পৰিৱেশ দিৱস উদ্দেশ্যে চৰাইদেউত চাইকেল সমদল

ডিজিটেল ডেস্কঃ নগাঁও বন সংমণ্ডলৰ অধীনৰ কঠীয়াতলী আঞ্চলিক বন কাৰ্যালয়ৰ উদ্যোগত কঠীয়াতলীৰ ভিন্ন স্থানত গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। কঠীয়াতলী আঞ্চলিক বন বিষয়া দেৱব্ৰত খনিকৰৰ প্ৰচেষ্টাত হাবি গাঁও প্ৰাথমিক বিদ্যালয়, ননৈ মহাবিদ্যালয়, ডবকা সংৰক্ষিত বনাঞ্চল আদি কৰি ভিন্ন স্থানত নিম, জামুক আদি বিভিন্ন ধৰণৰ গছপুলি ৰোপণেৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।

Advertisment
  User
User

সমান্তৰালকৈ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ শতদল শাখা হিচাপে স্বীকৃত হাৰিভাঙা শাখা সাহিত্য সভাৰ সহযোগতো বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে হাৰিভাঙা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয় চৌহদত পুৱা ৬ বজাত নিমগছৰ কেইবাটাও পুলি ৰোপণ কৰে। লগতে প্ৰতিপালনৰ দিহা কৰা হয়।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰিচালনা কৰা এই কাৰ্যসূচীত অসম সাহিত্য সভাৰ বিশেষভাৱে আমন্ত্ৰিত সদস্য প্ৰমোদ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ মন্‌জু হালৈ, শাখাখনৰ সভাপতি ৰাজেন্দ্ৰনাথ শৰ্মা, সহকাৰী সম্পাদক অজিত ভট্ট আৰু সদস্য তৰুণ বৰ্মনে বিশেষভাৱে সহযোগ আগবঢ়ায়। নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বহুকেইখন শাখা সাহিত্য সভায়ো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে।

  User
User

আনহাতে পৰিৱেশৰ প্ৰতি সজাগ কৰা উদ্দেশ্য চৰাইদেউ চলাপথাৰত চাইকেল সমদল উলিওৱা হয়। সমদলত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

world environment day nalbari kathiatali