শিলঘাটত “সেউজী আবেলি“ৰ উদ্যোগত পৰিবেশ দিৱস উদযাপন

শিলঘাটত “সেউজী আবেলি“ৰ উদ্যোগত পৰিবেশ দিৱস উদযাপন

ডিজিটেল সংবাদ,কলিয়াবৰঃ খাকীৰ আঁৰত সেউজীয়া ৷ সেউজ প্ৰকৃতিৰ প্ৰতি দুৰ্বাৰ ভালপোৱা এজন আৰক্ষী বিষয়াৰ ৷ অতি ব্যস্ততাপূৰ্ণ কৰ্মব্যৱস্থাৰ মাজতে আৰক্ষী বিষয়া গৰাকীয়ে মাজে-সময়ে ছুটিত আহি লালন-পালনত ব্যস্ত হৈ পৰে । লহপহকৈ বাঢ়িছে গছ সমূহ l আৰক্ষী বিষয়া গৰাকীৰ উদ্যোগত এজোপা প্ৰকাণ্ড বৰ গছৰ তলত বিগত ৫ বছৰ ধৰি চলি আহিছে এক ব্যতিক্ৰমী অনুষ্ঠান। অনুষ্ঠানটোৰ নাম "সেউজী আবেলি"। কণ কণ শিশুৰ মাজত পৰিৱেশ সচেতনতা গঢ়াৰ লগতে সামাজিক সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যে কলিয়াবৰৰ শিলঘাটত ৫ বছৰ পূৰ্বে সৃষ্টি হৈছিল "সেউজী আবেলি" নামৰ অনুষ্ঠানটো।

অনুষ্ঠানটোেৰ আগভাগ লৈ আহিছিল শিলঘাট মাউত গাঁৱৰ উদীয়মান যুৱক ছন্দোৎপল গগৈয়ে। এসময়ৰ ছাত্ৰ ছন্দোৎপল এতিয়া অসম আৰক্ষীৰ এজন উপ-পৰিদৰ্শক হিচাপে গুৱাহাটীৰ বৈশিষ্ট থানাত কৰ্মৰত। কিন্তু চাকৰিৰ ব্যস্ততাৰ মাজতো ছন্দোৎপলে এৰি দিয়া নাই কণ কণ শিশুৰ মাজত পৰিৱেশ সচেতনতা গঢ়ি তোলাৰ প্ৰয়াস। কৰ্মজীৱনত বিগত দুটা বছৰে নিৰ্দিষ্ট দিনটোত ছুটী লৈ হ'লেও চন্দ্ৰোৎপল ঘৰলৈ আহি এই বৰ গছ জোপাৰ তলতে সমবেত কৰি আহিছে অঞ্চলটোৰ কণ কণ শিশুসকলক।

এইবেলিও আভিজাত্যক পৰিহাৰ কৰি ৰভা-পেণ্ডেল-মঞ্চ অবিহনে প্ৰাকৃতিক পৰিবেশৰ মাজত "সেউজী আবেলি"ৰ জন্ম দিনটোত বৰ গছ জোপাৰ তলতে একত্ৰিত হৈ ছন্দোৎপলহঁতে বিলালে সেউজী ধৰণীৰ বাণী। শিলঘাটৰ কাষৰীয়া অঞ্চলৰ গ্ৰামাঞ্চলৰ লগতে চৰ-চাপৰি অঞ্চলৰ শিশুসকলকো একগোট কৰি পৰিৱেশ ৰক্ষাৰ বাণী বিলালে ছন্দোৎপল হঁতৰ "সেউজী আবেলি"য়ে। আৰক্ষী বিষয়াগৰাকীৰ জেপৰ ধনেৰে প্ৰতিবছৰে উদযাপিত "সেউজী আবেলি"ৰ অন্যতম শুভাকাংক্ষী অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ভাৰতী গগৈয়ে এসময়ত নিজে ৰোপণ কৰা এই বৰগছ জোপাৰ তলতে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ সংৰক্ষণৰ শিক্ষা প্ৰদান কৰে।

সাংবাদিক কিশোৰী কুমাৰ ডেকাই আঁত ধৰা সভাত বিশিষ্ট অতিথিৰ ভাষণত প্ৰতিদিন টাইমৰ সাংবাদিক তথা কলিয়াবৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তপন শইকীয়াই ভাষণত সেউজী আবেলিৰ পদক্ষেপক শলাগ লয়। অনুষ্ঠানটিত কলিয়াবৰ আৰক্ষী থানাৰ নৱ নিযুক্ত উপ পৰিদৰ্শক মাধুৰিমা দাস আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

উক্ত কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ এদিনৰ ছুটি দি অনুমতি প্ৰদান কৰা বৈশিষ্ট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ উক্ত অনুষ্ঠানত নৃত্য-গীতৰ লগতে কোনোবা শিশুৱে যদি ভাওনাৰ বচন আওৰাই আন কোনোৱে কবিতা আবৃতিৰে পৰিবেশটো জীপাল কৰি তোলে ৷

পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এখন চিত্ৰাংকন প্ৰতিযোগীতাও অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সেউজ আবেলিৰ সৈতে জড়িত সুখ্যাতিৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছয় গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে, বিগত ৫ বছৰে গছ পুলি ৰোপণৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ আৰু সমাজ সচেতনতামূলক বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে "সেউজী আবেলি"য়ে। সময় বাগৰাৰ লগে-লগে লহ পহ কৈ বাঢ়িছে বিগত ৫ বছৰে ছন্দোৎপল গগৈৰ লগতে "সেউজী আবেলি"ৰ সদস্য সকলে ৰোপণ কৰা গছপুলি বোৰ। একেদৰে ঠন ধৰি উঠিছে সেউজী আবেলিও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in