বিশ্বজুৰি উদযাপন হ'ব ধৰিত্ৰী ঘণ্টা

বিশ্বজুৰি উদযাপন হ'ব ধৰিত্ৰী ঘণ্টা

author-image
Asomiya Pratidin
New Update
বিশ্বজুৰি উদযাপন হ'ব ধৰিত্ৰী ঘণ্টা

ডিজিটেল ডেস্কঃ পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত ডব্লিউ ডব্লিউ এফৰ আহ্বান মৰ্মে সমগ্ৰ বিশ্বতে ২৩ মাৰ্চত বিশ্ব ধৰিত্ৰী ঘণ্টা উদযাপন কৰা হ'ব। সেই অনুসৰি ২৩ মাৰ্চ, শনিবাৰৰ নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ ব্যক্তি, সম্প্ৰদায় আৰু ব্যৱসায়কে ধৰি সমগ্ৰ বিশ্বৰ জনসাধাৰণক এই ঘণ্টাটোত অপ্ৰয়োজনীয় লাইট আৰু বৈদ্যুতিক সঁজুলি বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

Advertisment

সমগ্ৰ বিশ্বৰ লগতে অসমতো উদযাপন কৰা হ'ব এই ধৰিত্ৰী ঘণ্টা। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে যাবতীয় নিৰ্দেশনা জাৰি কৰিছে। অসম চৰকাৰেও এপিডিচিএলৰ গোহাৰিৰ প্ৰতি সঁহাৰি জনাই সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা জনসাধাৰণক ধৰিত্ৰী ঘণ্টা উদযাপনৰ আহ্বান জনাইছে। উল্লেখ্য যে বিশ্বৰ সুৰক্ষাৰ বাবে প্ৰতিবছৰে ধৰিত্ৰী ঘণ্টা পালন কৰা হয় ৷  এইবছৰ  ১৮ সংখ্যক ধৰিত্ৰী দিৱসৰ সংস্কৰণত বিশ্বৰ  ১৯০ খন দেশে অংশগ্ৰহণ কৰিব৷

Also Read: শৰাইঘাটত চুইচাইড নোটসহ ব্যৱসায়ীৰ বাহন উদ্ধাৰঃ হত্যাৰ সন্দেহ...

earth hour