/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3398605c-9dc5-4b33-9d1d-4511ea69784a/dib.jpg)
অসম চৰকাৰৰ উদ্যোগত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন
ডিজিটেল ডেস্কঃ আজি আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস। ১৯৯২ চনৰ পৰাই ৰাষ্ট্ৰ সংঘৰ আহ্বান মৰ্মে প্ৰতিবছৰে ৩ ডিচেম্বৰত বিশ্বজুৰি উদযাপন কৰা হয় আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ পৃষ্ঠপোষকতাত গুৱাহাটী মহানগৰত শনিবাৰে উদযাপন কৰে এই দিৱসটি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/b2f44207-3374-43b3-8621-22ef3893e360/530cb459_6651_43a1_906d_24f488876bcd.jpg)
মহানগৰীৰ বশিষ্ঠস্থিত গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অসম চৰকাৰৰ উদ্যোগত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন কৰা হয়। আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় পতাকা উত্তোলনেৰে। দিৱসৰ পতাকা উত্তোলন কৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত দেৱেশ্বৰ বৰাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/bb89e3b5-0fcd-4178-aad4-56be348c3fd5/98f435ab_e262_48c9_9dc7_2b8073f1fde8.jpg)
ইয়াৰ পাছতে অনুষ্ঠিত কৰা হয় দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ,ৰছী টনা,টেকেলী ভঙা আদি প্ৰতিযোগিতা। ইয়াৰ ওপৰিও অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা ভূপেন্দ্ৰ সংগীত,বিহু নৃত্য,আধুনিক নৃত্য,আধুনিক গীত,বাদ্য, দলীয় নৃত্য আদি পৰিবেশন কৰা হয়।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰে নাবাৰ্ড, শিশু সাৰথি, আশানীড় হোম, গুৱাহাটী দিব্যাঙ্গ বিদ্যালয়কে ধৰি ভালেমান শিক্ষানুষ্ঠানৰ দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/364e56b3-7239-4bb7-818d-1c25d32d96ef/3adf7ef5_560f_4f90_ba1e_f878b5ef7d58.jpg)
জ্যেষ্ঠ নাগৰিক কল্যাণ কাউন্সিলৰ বিষয়া কোষেশ্বৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে সামাজিক ন্যায় আৰু সৱলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, দিব্যাঙ্গ বিদ্যালয়ৰ অধ্যক্ষা জ্যোতিৰেখা বৰগোহাঁইকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক,কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ebf0bb92-5390-4bf2-aca4-9eb8ac2a3879/9be6841a_de73_471f_9e83_56ee9ea54e29.jpg)
উল্লেখ্য যে, আয়োজক কৰ্তৃপক্ষই জনোৱা অনুসৰি আবেলি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহন কৰিব সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত দেৱেশ্বৰ বৰা,জ্য়েষ্ঠ নাগৰিক কল্যাণ কাউন্সিলৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়া আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিব মুকেশ চন্দ্ৰ চাহুৱে।
আৰু পঢ়কঃ চিৰাঙৰ কাজলগাঁৱত "নিচাৰ বিৰুদ্ধে এক যুদ্ধ " শীৰ্ষক সজাগতামূলক কৰ্মশালা...