কঠীয়াতলীত বিশ্ব দিব্যাংগ দিৱস উদযাপন

পুৱাৰ ভাগৰ পৰা আৰম্ভ হোৱা এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত কঠীয়াতলী প্ৰেছ ক্লাৱৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
sgsr

ডিজিটেল সংবাদ, কামপুৰ :  আজি ৩ ডিচেম্বৰ অৰ্থাৎ বিশ্ব দিব্যাংগ দিৱস। সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় এই দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে নগাঁও জিলাৰ কঠীয়াতলীতো বিশ্ব দিব্যাংগ দিৱস পালন কৰা হয়।

Advertisment

অসম সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত কঠীয়াতলী প্ৰাথমিক শিক্ষা খণ্ডৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হয়। উক্ত দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শংকৰ চেত্ৰীয়ে।

পুৱাৰ ভাগৰ পৰা আৰম্ভ হোৱা এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্তত কঠীয়াতলী প্ৰেছ ক্লাৱৰ সভাপতি ঘনকান্ত বৰাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয় আৰু এই সভাৰ মাজতে স্থানপ্ৰাপ্ত শিক্ষাৰ্থীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়। 

উক্ত অনুষ্ঠানত প্ৰায় শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তাসকলে জনায়। ইফালে মুকলি সভা আৰু বঁটা বিতৰণী সভাত শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক তথা বহু নিমন্ত্ৰিত অতিথি উপস্থিত থাকে। অনুষ্ঠানটো সুচাৰুৰূপে অনুষ্ঠিত হোৱাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শংকৰ চেত্ৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

world disabled day কঠীয়াতলী