শ্ৰীমন্ত শংকৰ মিছনত বিশ্ব প্রতিবন্ধী দিৱস উদযাপন...

নগাঁও, জিলা সমাজ কল্যাণ বিভাগ, সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থা আৰু নগাঁও জিলা বিকলাংগ সন্থাৰ সহযোগত বিশ্ব প্রতিবন্ধী দিৱস পালন কৰা হয়।  

author-image
Asomiya Pratidin
New Update
Xm

ডিজিটেল সংবাদ, বেবেজীয়া : সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্রীমন্ত শংকৰ মিছনৰ দ্বাৰা পৰিচালিত জিলা প্রতিবন্ধী পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্যোগত, জিলা আইন সেৱা প্রাধিকৰণ, নগাঁও, জিলা সমাজ কল্যাণ বিভাগ, সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থা আৰু নগাঁও জিলা বিকলাংগ সন্থাৰ সহযোগত বিশ্ব প্রতিবন্ধী দিৱস পালন কৰা হয়।  

Advertisment

মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে মিছনৰ মুখ্য কাৰ্যালয়ৰ লোকসেৱক হলধৰ ভূঞা সভাগৃহত এই দিৱস অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা শ্ৰীমন্ত শংকৰ মিছনৰ কৰ্মচাৰী আৰু আবাসীসকলৰ দ্বাৰা স্বচ্ছ ভাৰত কাৰ্যসূচী ৰূপায়ন কৰা হয়। 

পুৱা ৯-৩০ বজাত নগাঁও জিলা প্রতিবন্ধী সন্থাৰ পতাকা উত্তোলন কৰে জিলা বিকলাংগ সন্থাৰ সভাপতি মঃ আলাল উদ্দিন আহমেদে। দিৱসৰ লগত সংগতি ৰাখি ১০-৩০ বজাত প্রতিবন্ধীসকলৰ মাজত আয়োজন কৰা বিভিন্ন খেল-ধেমালী আৰু নগাঁও ৰেলৱে ষ্টেচন, বৰঘাট বাছষ্টেণ্ড, উৰিয়াগাঁও বাছষ্টেণ্ড আদিত প্রতিবন্ধীসকলৰ সম অধিকাৰৰ বাবে সজাগতামূলক কার্যসূচী ৰূপায়ন কৰা হয়। 

উক্ত কাৰ্যসূচী মুকলি কৰে সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাৰ ভাৰপ্ৰাপ্ত প্রধান সম্পাদক খগেন চন্দ্র নাথে। কাৰ্যসূচীত উপস্থিত থাকে জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেণ্ড, নগাঁও বিকলাংগ সন্থাৰ সভাপতি মঃ আলাল উদ্দিন আহমেদৰ লগতে সহযোগিতা আগবঢ়াই নগাঁৱৰ বিভিন্ন অনুষ্ঠানসমূহে। 

দিনৰ ১১-৩০ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাখনি উদ্বোধন কৰে নগাঁও জিলা উন্নয়ন আযুক্ত গুণজিৎ কাশ্যপে। শ্রীমন্ত শংকৰ মিছনৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে মিছনৰ সভাপতি প্রেমেশ্বৰ দাসে। একেদৰে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব মুনমী নেওগ, জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগুৱে। 

উল্লেখযোগ্য যে সভাত মিছনৰ সদস্য ভালেমান সদস্য-সদস্যাই অংশগ্রহণ কৰে। সভাখনত আৰম্ভণী গীত পৰিবেশন কৰে বঢ়মপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। সভাত বিশেষভাৱে সক্ষম এগৰাকী মহিলাক জিলা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা হুইল চেয়াৰ প্ৰদান কৰা হয়। 

লগতে সভাত নগাঁও জিলা বিকলাংগ সন্থাৰ সম্পাদক পংকজ নাথে কবিতা আবৃত্তি কৰে। জাতীয় সংগীতেৰে সামৰণী পৰা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই মিছনৰ যুটীয়া সম্পাদক প্রদীপ শইকীয়াই।

ইয়াৰ উপৰিও সদৌ অসম গ্রাম্য পুথিভঁড়াল সন্থাই পৰিচালনা কৰা নৱজীৱন বিশেষ শিশু গৃহতো দিনজোৰা কাৰ্যসূচীৰে বিশ্ব প্রতিবন্ধী দিৱসটি উদযাপন কৰা হয়। উক্ত কার্যসূচীত উপস্থিত থাকে সন্থাৰ সভাপতি প্রতাপ হাজৰিকা, উপ সভাপতি শশীন্দ্র দেৱ মহন্ত, সাংগঠনিক সম্পাদক চাহাবুদ্দিন আহমেদ, ৰাজ্যিক সদস্য ধেনুৰাম নাথ, কলংপাৰ কাকতৰ মুখ্য সম্পাদক ভৱেন বৰা, নগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক ভূপেন চন্দ্ৰ নাথ, অৱসৰ প্ৰাপ্ত শিক্ষক হীৰেণ ডেকা।

একেদৰে মৰিগাঁও জিলা পুথিভঁড়াল সন্থাৰ সম্পাদক বলদের নাথ, নগাঁও জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষ অঞ্জু শর্মা, ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়া শতাব্দী গোস্বামী, সুৰক্ষা বিষয়া পল্লৱী শইকীয়া, সমাজকর্মী মুস্তাফা আহমেদ প্রমুখে শিশু গৃহৰ বিষয়া কৰ্মচাৰীসকল অনুষ্ঠানত উপস্থিত থাকে। দিৱস উপলক্ষে শিশুসকলৰ মাজত তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে নৃত্য-গীত আদি পৰিবেশন কৰা হয়। শিশু গৃহৰ শিশু নিকিতা ঘাটোৱাৰ, আকাশ ৰয় আৰু অভয়ৰ নৃত্য – গীতে উপস্থিত সকলোকে আপ্লুত কৰে।

Bebejia