মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন

ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত শিশু শ্ৰমিক প্ৰতিৰোধৰ বাবে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বৃহস্পতিবাৰে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস

ডিজিটেল সংবাদ, মঙলদৈ : ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত শিশু শ্ৰমিক প্ৰতিৰোধৰ বাবে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বৃহস্পতিবাৰে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয়। শিশু শ্ৰমিকৰ বিষয়টো দৃষ্টি আকৰ্ষণ আৰু নিৰ্মূলৰ বাবে ২০০২ চনৰ পৰা আন্তৰাষ্ট্ৰীয় শ্ৰমিক সন্থাই (ILO) এই দিৱস পালন কৰি আহিছে। 

Advertisment

মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জিত শৰ্মাই অনুষ্ঠানটিৰ আৰম্ভণীতে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশত শিশু শ্ৰমিকৰ অৱস্থিতি আৰু ভয়াৱহতাৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা বিভাগৰ সহকাৰী অধ্যাপিকা গায়ত্ৰী দেৱীয়ে শিশু শ্ৰমিক সৃষ্টিৰ বিভিন্ন কাৰণ আৰু ইয়াৰ নিৰাময়ৰ বিষয়ে আলোচনা কৰে। 

লগতে ভাৰতবৰ্ষ তথা আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত শিশু শ্ৰমিক নিৰ্মূল কৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু আইনৰ বিষয়ে আলোকপাত কৰে। মহাবিদ্যালয়ৰ বিত্ত বিভাগৰ মুৰব্বী অধ্যাপক ড° পৰীক্ষিত বৰ্মনে অনুষ্ঠানটিৰ আঁত ধৰাৰ লগতে অনুষ্ঠানটি সাফল্য মণ্ডিত কৰাৰ বাবে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে ধন্যবাদ জ্ঞাপন কৰে।

মঙলদৈ