/asomiyapratidin/media/media_files/2025/02/05/s4eFSr0wTyIsGk58ZiZO.jpg)
তিতাবৰত বিশ্ব কেন্সাৰ দিৱস পালন…
ডিজিটেল সংবাদ, বেকাজান : তিতাবৰৰ কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ কেন্সাৰ চেৰিটী ফাণ্ডৰ সৌজন্যত "বিশ্ব কেন্সাৰ দিৱস" কনচেপ্ট প্ৰাংগণত পালন কৰা হয়। এই উপলক্ষে আয়োজিত সজাগতামূলক সভাত অংশগ্ৰহণ কৰে কনচেপ্ট শৈক্ষিক প্ৰতিষ্ঠানৰ সঞ্চালক জিতু কুমাৰ বৰা, সঞ্চালক প্ৰণৱ কুমাৰ ভূঞা।
তেওঁলোক দুয়ো কনচেপ্ট কেন্সাৰ চেৰিটী ফাণ্ডৰ লক্ষ্য উদ্দেশ্যৰ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে কেন্সাৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত যাৱতীয় সজাগতাৰ বিষয়ে কয়। কনচেপ্ট কেন্সাৰ চেৰিটী ফাণ্ডৰ সচিব তথা কেৰিয়াৰ পৰামৰ্শদাতা-কোচিং ইন-চার্জ আব্দুল হামিদে আঁত ধৰা সভাত অংশগ্ৰহণ কৰি চেঙেলীচুক চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক কুশল সন্দিকৈ, কনচেপ্টৰ গাইডেন্স কাউন্সিলৰ নবাব মুস্তাফা আহমেদে আপেক্ষিক বিষয়বস্তুত বক্তব্য প্ৰদান কৰে।
/asomiyapratidin/media/media_files/2025/02/05/a3EPDlGmjI9sFZIChiAi.jpg)
উক্ত অনুষ্ঠানত কেন্সাৰ ৰোগৰ সৈতে প্ৰতিৰোধ সংগ্ৰাম কৰি থকা এগৰাকী ব্যক্তিলৈ আৰ্থিক সহযোগ আগবঢ়োৱা হয়। এই অনুষ্ঠানত কনচেপ্টৰ শিক্ষক তত্বাৱধায়ক দীপাংকৰ বৰা, ফেকাল্টি অজিত কুমাৰ, হোষ্টেল তত্ত্বাৱধায়ক অজিত দাসকে প্ৰমুখ্য কৰি আপেক্ষিক ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/media_files/2025/02/05/NCeAvEhOKQ8uCc8pINYM.jpg)
ইয়াৰ পূৰ্বে পুৱাৰ ছাত্ৰ সংসদত প্ৰধান শিক্ষয়িত্ৰী অনুৰূপা ভৰদ্বাজে আঁত ধৰা অনুষ্ঠানত এই ফাণ্ডৰ সচিব তথা কেৰিয়াৰ পৰামৰ্শদাতা/কোচিং ইন-চার্জ আব্দুল হামিদে শিক্ষাৰ্থীসকলক উদ্দেশ্যি বিশ্ব কেন্সাৰ দিৱস-২০২৫ৰ তাৎপৰ্য ব্যাখ্যা কৰে।