নগাঁৱত বিশ্ব গ্ৰন্থ দিৱস উদযাপন

শব্দৰ শৃঙ্খলেৰে আমাক আন্দোলিত কৰিব পৰা ব্যৱস্থা কৰিব লাগিব । গ্ৰন্থ অধ্যয়নৰ বাবে এক পৰিবেশৰ সূচনা হ’ব লাগিব। নগাঁও সাহিত্য সভাৰ উদ্যোগত নগাঁও মহাবিদ্যালয়( স্বতন্ত্ৰ) আৰু শংকৰদেৱ সাহিত্য চ’ৰাৰ সহযোগত উদযাপন কৰা হয় বিশ্ব গ্ৰন্থ দিৱস

author-image
Asomiya Pratidin
New Update
নগাঁৱত বিশ্ব গ্ৰন্থ দিৱস উদযাপন

ডিজিটেল সংবাদ, নগাঁও : “গ্ৰন্থ পঢ়ো, ভাষা ৰক্ষা কৰো” শীৰ্ষক বাণী সৰোগত কৰি বুধবাৰে নগাঁৱত উদযাপন কৰা হয় বিশ্ব গ্ৰন্থ দিৱস ।  নগাঁও সাহিত্য সভাৰ উদ্যোগত নগাঁও মহাবিদ্যালয়( স্বতন্ত্ৰ) আৰু শংকৰদেৱ সাহিত্য চ’ৰাৰ সহযোগত নগাঁও মহাবিদ্যালয়ত উদযাপন কৰা হয় এই বিশ্ব গ্ৰন্থ দিৱস । 

Advertisment

সাতিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সভাকক্ষত অনুষ্ঠিত হোৱা তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা মুকলি সভাখনিৰ আঁত ধৰে ৰাজীৱ কুমাৰ হাজৰিকাই । সভাৰ আৰম্ভণিতে নগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰাই বক্তব্য আগবঢ়ায়।

নগাঁৱত বিশ্ব গ্ৰন্থ দিৱস উদযাপন

তেওঁ কয়- গ্ৰন্থ আমাৰ বন্ধু । গ্ৰন্থ আমাক লাগিবই । গ্ৰন্থৰ মাজেৰে লেখকজনক জানিব পৰা যায় । ড০ ভূবন চন্দ্ৰ চুতীয়াই আঁত ধৰা আদৰণী অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক মনিকুন্তলা ভট্টাচাৰ্য উপস্থিত থাকি কয় যে, লেখকৰ বিশেষ দিনটোৰ কথা পাঠকৰ বাহিৰে আনে কোনে জানিব । গ্ৰন্থ প্ৰচাৰৰ বাবে সকলোৱে কাম কৰিব লাগিব । 

“মোৰ প্ৰিয় কিতাপ” শীৰ্ষক কবিতাটি পাঠ কৰি ঔপন্যাসিক ভট্টাচাৰ্যই কয় যে গ্ৰন্থৰ ভৱিষ্যত আছে পৃথিৱী যিমান দিনলৈকে থাকিব বৌদ্ধিক পৰিপুষ্টিৰ বাবে গ্ৰন্থ সিমান দিনলৈকে জীয়াই থাকিব । 

নগাঁৱত বিশ্ব গ্ৰন্থ দিৱস উদযাপন

উল্লেখযোগ্য যে, সভাত অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে, শব্দৰ শৃঙ্খলেৰে আমাক আন্দোলিত কৰিব পৰা ব্যৱস্থা কৰিব লাগিব । গ্ৰন্থ অধ্যয়নৰ বাবে এক পৰিবেশৰ সূচনা হ’ব লাগিব । 

ভাষণ প্ৰসঙ্গত মহন্তই বৌদ্ধিক অন্বেষণৰ ক্ষেত্ৰত আড্ডাৰ প্ৰাসংগিতাৰ কথা উল্লেখ কৰি গ্ৰন্থ প্ৰতিষ্ঠান নগাঁৱৰ ৰুমী- ৰূপকৰ অৱদানৰ কথা উল্লেখ কৰে । লগতে অসমীয়া সাহিত্যলৈ নগাঁৱৰ মনিষীসকলে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে । 

নগাঁৱত বিশ্ব গ্ৰন্থ দিৱস উদযাপন

ইউ পি এছ চি পৰীক্ষাত বিশেষ কৃতকাৰ্য প্ৰদৰ্শন কৰা নগাঁৱৰ ভাস্বত শইকীয়াক বিশ্ব গ্ৰন্থ দিৱসত সাহিত্য সভাই সম্বৰ্ধনা জনায় । সম্বৰ্ধনা গ্ৰহণ কৰি ভাস্বত শইকীয়াই বক্তব্য আগবঢ়ায় । 

নগাঁৱত বিশ্ব গ্ৰন্থ দিৱস উদযাপন

সভাত বিধায়ক ৰূপক শৰ্মা, বিধায়ক দীপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকি গ্ৰন্থ অধ্যয়ন আৰ বৌদ্ধিক চৰ্চাৰ পৰিবেশ ৰচনাৰ বাবে চৰকাৰীভাৱে হাতত লোৱা পদক্ষেপৰ সন্দৰ্ভত সভাত অভিমত প্ৰকাশ কৰে । উল্লেখ্য যে, বন্তি প্ৰজলনেৰে বিশ্ব গ্ৰন্থ দিৱসৰ কাৰ্যসূচীৰ পাতনি মেলা হয় । বন্তি প্ৰজলন কৰে অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই । ইয়াৰ পিছতে মানব শৃঙ্খলৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

nagaon