সিন্ধু জল চুক্তি স্থগিত ৰখা সিদ্ধান্তৰ বিষয়ে অৱগত নহয় বিশ্ব বেংক...

সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ অব্যাহত থকা” আৰু ইছলামবাগে পুনৰ আলোচনাত ব্যৰ্থ হোৱাৰ কাৰণে ভাৰতে তাৎক্ষণিক কাৰ্যকাৰী হোৱাকৈ ১৯৬০ চনৰ চুক্তিখন স্থগিত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
FSdF

ডিজিটেল ডেস্কঃ  ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখা সিদ্ধান্তৰ বিষয়ে অৱগত নহয় বিশ্ব বেংক। ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তি বিবাদৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী হিচাপে বিশ্ব বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Advertisment

২৪ এপ্ৰিলত ভাৰতে পাকিস্তানক আনুষ্ঠানিকভাৱে অৱগত কৰে যে,  “সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ অব্যাহত থকা” আৰু ইছলামবাগে পুনৰ আলোচনাত ব্যৰ্থ হোৱাৰ কাৰণে ভাৰতে তাৎক্ষণিক কাৰ্যকাৰী হোৱাকৈ ১৯৬০ চনৰ চুক্তিখন স্থগিত ৰাখিছে।

পাকিস্তানলৈ প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে, দেশখনৰ এই কাৰ্যই ভাৰতৰ “সম্পূৰ্ণ প্ৰৱেশৰ অধিকাৰ”ক ভেঙুচালি কৰিছে আৰু বিশ্বাস ভংগ কৰিছে। উল্লেখযোগ্য যে, পাকিস্তানক এই বিষয়ে ইতিমধ্যে জনোৱাৰ বাবে বিশ্ব বেংকক অৱগত কৰাৰ প্ৰয়োজন নাই বুলিও ভাৰত চৰকাৰৰ এজন বিষয়াই কয়।

শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী চি আৰ পাটিলে সাংবাদিকৰ আগত কয় যে,পাকিস্তানলৈ পানী এটোপালো নাযায় আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ চৰকাৰে “হ্ৰস্ব, মধ্যম আৰু দীৰ্ঘম্যাদী পৰিকল্পনা” প্ৰস্তুত কৰি আছে।

ইফালে বিশ্ব বেংকে এই বিষয়ত কোনো ৰাজহুৱা বিবৃতি দিয়া নাই। অৱশ্যে বিশ্ব বেংকৰ এগৰাকী মুখপাত্ৰই সংবাদ মাধ্যমক কয় যে, সিন্ধু জল চুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা চুক্তি। যিটো ৬০ বছৰতকৈও অধিক সময় ধৰি সফল হৈ আহিছে।  চুক্তি সন্দৰ্ভত সাৰ্বভৌম সিদ্ধান্ত লোৱা অধিকাৰ সংশ্লিষ্ট দেশসমূহৰ হাতত আছে।

উল্লেখ্য যে, কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা আক্ৰমণৰ প্ৰতিবাদত ভাৰতে স্থগিত ৰাখিছে সিন্ধু জল চুক্তি।

সিন্ধু জল চুক্তি