পাকিস্তানৰ হাতত ধন নাই! বিচাৰিছে বিশ্ব বেংকৰ সহায়...

ভাৰতে তচনচ কৰি দিছে পাকিস্তানক। মূল মূল চহৰত ভাৰতে আক্ৰমণ কৰি পাকিস্তানৰ ৰাজহাড় ভাঙি দিছে।  যোৱা বৃহস্পতিবাৰে ৰাতিৰে পৰা ধাৰাবাহিকভাৱে পাকিস্তানক আক্ৰমণ কৰি আহিছে ভাৰতে।

New Update
ৰকক্্

ডিজিটেল ডেস্কঃ ভাৰতে তচনচ কৰি দিছে পাকিস্তানক। মূল মূল চহৰত ভাৰতে আক্ৰমণ কৰি পাকিস্তানৰ ৰাজহাড় ভাঙি দিছে।  যোৱা বৃহস্পতিবাৰে ৰাতিৰে পৰা ধাৰাবাহিকভাৱে পাকিস্তানক আক্ৰমণ কৰি আহিছে ভাৰতে। বায়ু সেনা আৰু নৌ সেনাই এৰিছে ইটোৰ পাছত সিটো মিছাইল। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে কোনো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই।

এনে পৰিস্থিতিত অৰ্থনৈতিকভাৱেও দিশহাৰা হৈছে পাকিস্তান। শেহতীয়াকৈ পাকিস্তানে বিশ্ব বেংকৰ পৰা ঋণৰ বাবে আবেদন কৰিছে। ইতিমধ্যে পাকিস্তান চৰকাৰে এক্স হেণ্ডেলত এই সন্দৰ্ভত পোষ্টো কৰিছে।  

ইফালে পাকিস্তানক ঋণ প্ৰদান নকৰিবলৈ আহ্বান জনাইছে ভাৰতে। বিশ্ব বেংকক ভাৰতে জনাইছে যে, পাকিস্তানে বিশ্ব বেংকৰ পৰা ধন লৈ সেই ধন ব্যৱহাৰ কৰে সন্ত্ৰাসবাদী কাৰ্যকলাপত। উক্ত বিষয়টোক লৈ বিশ্ব বেংকৰ প্ৰতিনিধিৰ সৈতে আজি বৈঠকত বহিব ভাৰতৰ প্ৰতিনিধি। 

ভাৰত