/asomiyapratidin/media/media_files/2025/02/27/CU5QtB2AxxWTwTi70seL.jpg)
ডিজিটেল ডেস্কঃ বহু প্ৰত্যাহ্বান আছে যদিও ভাৰতৰ অৰ্থনীতিক লৈ আশাবাদী বিশ্ব বেংক। ভাৰতত বিনিয়োগ কৰিলে লোকচানৰ সম্ভাৱনা খুবেই কম বুলি উল্লেখ কৰি বিশ্ব সকলো দেশক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনালে বিশ্ব বেংকে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা এডভান্টেজ আছাম ২.০ত অংশ লৈ এই আহ্বান বিশ্ব বেংকৰ সঞ্চালক অগাষ্ট তানো কৌয়ামে।
বিশ্ব বেংকৰ সঞ্চালকগৰাকীয়ে লগতে কয় যে, অৰ্থনৈতিক ক্ষেত্ৰখনত বৃদ্ধিৰ ধাৰা সামান্য নিম্নগামী থকাৰ পিছতো ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাক লৈ ঋণদাতাসকল আশাবাদী হৈ আছে। যদি কোনোবাই শেহতীয়া তথ্যৰ বাবে চিন্তিত, আমি ক'ব বিচাৰো যে চিন্তা নকৰিব। ভাৰত হৈছে বিশ্বৰ জিলিকি থকা পোহৰ। যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে ইয়াত আহি বিনিয়োগ কৰক। বিনিয়োগৰ বাবে ভাৰত এতিয়া এখন নিৰ্ভৰযোগ্য দেশ।