'যাৰ নাই বাঁহ, তাৰ নাই সাহ'- বিশ্ব বাঁহ দিৱসৰ বিষয়ে জানেনে...

২০০৯ চনৰ পৰা ১৮ ছেপ্টেম্বৰত পালন কৰি অহা হৈছে বিশ্ব বাঁহ দিৱস...
bamboo day
bamboo day

ডিজিটেল ডেস্কঃ অসমীয়া চহা কৃষি জীৱি ৰাইজৰ মাজত ডাকৰ বচনৰ গুৰুত্ব আছে। মুখে মুখে প্ৰচলিত হৈ অহা কিম্বদন্তি ডাক পুৰুষৰ এই প্ৰবচনে কৃষিজীৱি ৰাইজক কৃষি সম্পৰ্কে, ব্যক্তিগত অথবা সামাজিক জীৱন সম্পৰ্কে, প্ৰকৃতি সম্পৰ্কে বিভিন্ন জ্ঞান প্ৰদান কৰে। আজিও ডাকৰ এই প্ৰবচন সমূহৰ জনপ্ৰিয়তাৰ লগতে গুৰুত্ব আছে।

এনে এক জনপ্ৰিয় তথা কৃষিজীৱি ৰাইজৰ জীৱনৰ লগত প্ৰযোজ্য এফাকি ডাকৰ বচন হৈছে- 'যাৰ নাই বাঁহ, তাৰ নাই সাহ'। কৃষিজীৱী অসমীয়াৰ বাবে বাঁহ অতি প্ৰয়োজনীয়৷ গৃহ নিৰ্মাণৰ পৰা আৰম্ভ কৰি কৃষি কাৰ্য, ঘৰুৱা অন্যান্য কাৰ্যত বাঁহৰ প্ৰয়োজনীয়তা সম্পৰ্কে নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।

আনহে নালাগে অসমীয়া সমাজাত শিশু এটিৰ জন্মৰ পৰা প্ৰাপ্তবয়স্ক হৈ বৈবাহিক কাৰ্য সমাপন কৰি বৃদ্ধ অতিক্ৰম কৰি মৃত্যু পৰ্যন্ত বাঁহৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও এতিয়া খাদ্যসম্ভাৰ, বিভিন্ন আঁচবাব আদিৰ ক্ষেত্ৰতো বাঁহৰ বহুল ব্যৱহাৰ হয়।

অসমীয়া সমাজ জীৱনৰ অভিন্ন অংগ এই বাঁহৰ বাবেও যে আছে এক বিশেষ দিন সেই কথা আপুনি বাৰু জানেনে? আপোনাৰ জ্ঞাতাৰ্থে জনাও প্ৰতি বছৰে ১৮ ছেপ্টেম্বৰ দিনটোক বিশ্ব বাঁহ দিৱস হিচাপে পালন কৰি অহা হৈছে।

কেৱল অসমীয়া সমাজ জীৱনৰ সৈতেহে যে বাঁহৰ সম্পৰ্ক আছে বা অসমত হে যে বাঁহৰ কদৰ আছে তেনে নহয়। বিশ্বৰ বিভিন্ন প্ৰান্তত বাঁহৰ কদৰ আছে। পূৰ্বে বাঁহ আবিহনে সকলো কাৰ্যই অসম্পূৰ্ণ আছিল যদিও এতিয়া পুনৰ বাঁহৰ কদৰ বিশ্বজুৰি বৃদ্ধি পাইছে।

অসমত ২৬ বিধ বাঁহৰ প্ৰজাতি পোৱা যায়। ইহঁত গ্ৰেমিনি বা পয়েছি গোত্ৰৰ অন্তৰ্গত। প্ৰকাশিত তথ্য অনুসৰি বাঁহ গছ ২৪ ঘণ্টাত ৪৭.৫ ইঞ্চিলৈকে বৃদ্ধি হয়।অৰ্থনৈতিক গুৰুত্বসম্পন্ন বাঁহ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাক বাঁহ, দলৌ বাঁহ, বৰবাঁহ, বজালবাঁহ আদি।

এনে পৰিপ্ৰেক্ষিততে ২০০৯ চনত প্ৰথম বাৰৰ বাবে বিশ্ব বাঁহ দিৱস অনুষ্ঠিত কৰা হৈছিল। ২০০৯ ৰ ১৮ ছেপ্টেম্বৰত বিশ্ব বাঁহ সংস্থাই বেংককত প্ৰথম বাৰৰ বাবে বিশ্ব বাঁহ দিৱস ঘোষণা কৰিছিল। এই দিনটো উদযাপন কৰাৰ মুখ্য কাৰণ হ'ল বাঁহক সৰ্বাধিক প্ৰচাৰ কৰা।

বিশ্ব বাঁহ দিৱসৰ মূল উদ্দেশ্য হ'ল বাঁহৰ সৰ্বাধিক ব্যৱহাৰৰ প্ৰচাৰ। বাঁহক কেন্দ্ৰ কৰি নতুনকৈ বিশ্বজুৰি গঢ়লৈ উঠিছে বিভিন্ন উদ্যোগ। বহু এছিয়ান দেশত এতিয়া বাঁহৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা গৃহ, বাঁহ শিল্পৰ অনোৰম কাৰুকাৰ্য পৰ্যটনৰো এক অংগ হৈ পৰিছে।

সেয়েহে নতুনকৈ গঢ়লৈ উঠা এই বাঁহ শিল্পৰ অৰ্থনৈতিক বিকাশৰ কথা চিন্তা কৰিয়েই সামূহিক অৰ্থনৈতিক বিকাশৰ লক্ষ্য আগত ৰাখি বাঁহ শিল্পক প্ৰচাৰ কৰিবলৈ এই দিৱস আয়োজন কৰা হৈছে। সমান্তৰালকৈ এই পদক্ষেপৰ জৰিয়তে বাঁহৰ যি কৌটিকলীয়া পৰম্পৰাগত কুটীৰ উদ্যোগ আছে সেই উদ্যোগৰো প্ৰচাৰ কৰাৰ লক্ষ্যৰে প্ৰতি বছৰে পালন কৰি অহা হৈছে এই দিৱস।

উল্লেখ্য যে প্ৰতিবছৰে বিশ্ব বাঁহ দিৱস নিৰ্দিষ্ট কিছুমান বিষয়বস্তুক আধাৰ কৰি পালন কৰি অহা হৈছে। অৱশ্যে এইবাৰ বিশ্ব বাঁহ দিৱসৰ বিষয়বস্তু প্ৰাকশ কৰা হোৱা নাই। অৱশ্যে বিশ্ব বাঁহ সংস্থাই অধিক সংখ্যক বাঁহ গছ ৰোপণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in