/asomiyapratidin/media/media_files/2025/08/03/fdsfsdf-2025-08-03-23-37-12.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ৱৰ্ল্ড এমেচাৰ বডি বিল্ডিং এছোছিয়েশ্বনৰ অসম শাখাই দেওবাৰে বিয়লি ধেমাজি ব্যৱসায় সন্থাৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি সংগঠনখন ভংগ কৰাৰ কথা ঘোষণা কৰে। এছোছিয়েশ্বনৰ সভাপতি জয়ন্ত ৰাজকোঁৱৰে সংবাদমেলত সদৰী কৰে যে, ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰতিভাৱান খেলুৱৈসকলক সুযোগৰ অভাৱেই সংগঠন ভংগ কৰাৰ প্ৰধান কাৰণ।
সভাপতি গৰাকীয়ে লগতে দুখ প্ৰকাশ কৰি কয় যে, বিগত বহু বছৰ ধৰি অসমৰ শৰীৰ চৰ্চা ক্ষেত্ৰখনত প্ৰতিভাৰ অভাৱ নথকাৰ পিছতো, ৰাষ্ট্ৰীয় মঞ্চত খেলুৱৈসকলে প্ৰয়োজনীয় সুযোগ লাভ কৰিবলৈ সক্ষম হোৱা নাই। যাৰবাবে নতুন চিন্তাৰে আগবাঢ়ি অহা সিদ্ধান্ত হিচাপে অল ইণ্ডিয়ান বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেচনৰ অধীনত "অল আসাম ফিজিক এছোছিয়েশ্বন" নামৰ এখন নতুন শৰীৰ চৰ্চা সংগঠন গঠন কৰা হৈছে।
নতুন গঠন হোৱা এই অসমীয়াৰ শৰীৰ চৰ্চা সংগঠনটোৰ নেতৃত্বত আছে – সভাপতি জয়ন্ত ৰাজকোঁৱৰ, উপ-সভাপতি ঘণকৃষ্ণ বৰগোহাঁই আৰু আজাদ হাজৰিকা, সাধাৰণ সম্পাদক অতনু বৰুৱা, যুটীয়া সম্পাদক ৰাজীৱ বৰকাকতি, কোষাধ্যক্ষ হেমন্ত কুমাৰ গগৈ, সাংগঠনিক সম্পাদক যোগেন গগৈ আৰু পবিত্ৰ বুঢ়াগোঁহাই আদি।
সংবাদমেলত ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, ধনশিৰি, সোণাৰি, ডিব্ৰুগড় আৰু কাছাৰৰ দৰে জিলাৰ শৰীৰ চৰ্চা ক্ষেত্ৰৰ বহু বিষয়ববীয়া আৰু ক্ৰীড়া সংগঠকসকলে উপস্থিত থাকে। এই নতুন পদক্ষেপৰে অসমৰ নৱপ্ৰজন্মৰ শৰীৰ চৰ্চা খেলুৱৈসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি যোৱাত এটা নতুন দিশ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে আটায়ে।