কাজলগাঁৱত জিলা এইডচ্ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু দিশা এনজিঅ’ৰ সহযোগত বিশ্ব এইডচ্ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগতে দেওবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱতো বিশ্ব এইডচ্  দিৱসৰ কাৰ্য্যসূচী পালন কৰা হয়...

author-image
Asomiya Pratidin
New Update
aids

ডিজিটেল সংবাদ, চিৰাং : সমগ্ৰ বিশ্বৰ লগতে দেওবাৰে চিৰাং জিলাৰ সদৰ কাজলগাঁৱতো বিশ্ব এইডচ্  দিৱসৰ কাৰ্য্যসূচী পালন কৰা হয়। চিৰাং জিলা এইডচ্ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু চিৰাং জিলাত এইচআইভি/এইডছ প্ৰতিৰোধৰ হকে কাম কৰি থকা স্বেচ্ছাসেৱী সংগঠন দিশা এনজিঅ’ৰ সহযোগত কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয় চৌহদত বিশ্ব এইডচ্ দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। 

Advertisment

ইয়াৰ পিছত দিশা এনজিঅ’ৰ কৰ্মকৰ্তাসকলে বিশ্ব এইডচ্ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন লোকক "ৰেড ৰিবন" লগাই দিয়ে । কাৰ্য্যসূচীৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ বিদায়ী যুটীয়া সঞ্চালক ডাঃ ৰেহেনা বেগমে ভাষণত কয় যে এইচআইভি, এইডচৰ প্ৰতি মানুহৰ পূৰ্বৰ যি ধাৰণা সেই ধাৰণা বহুত সলনি হৈছে আৰু ইয়াৰ মূলতেই হ'ল ৰাইজৰ মাজত সজাগতা ।  সজাগতা সৃষ্টিৰ জৰিয়তে এই সংক্ৰমিত ৰোগৰ ভয়াৱহতা সমাজৰ পৰা আঁতৰাবৰ বাবে উপস্থিত সকলোৰ প্ৰতি আহ্বান জনায় । 

zdghf

জিলা যক্ষ্মাৰোগ বিষয়া ডাঃ ৰাজেশ পাণ্ডেই ভাষণত এইচআইভি ভাইৰাছ আৰু এইডচৰ পাৰ্থক্য সন্দৰ্ভত বক্তব্য আগবঢ়াই আৰু এইচআইভি ভাইৰাছৰ কি কি কাৰণত এজনৰ দেহৰ পৰা আন এজন ব্যক্তিৰ দেহত বিয়পিব পাৰে তাৰ এক চমু ধাৰণা আগবঢ়ায় । ইয়াৰ পিছতে বিশ্ব এইডচ্ দিৱস উপলক্ষে জে এচ বি অসামৰিক চিকিৎসালয়ৰ পৰা এক সজাগতামূলক শোভাযাত্ৰা কৰি কাজলগাঁও সাপ্তাহিক বজাৰত উপস্থিত হৈ এক পথসভাৰ আয়োজন কৰে । 

sghdftj

আজিৰ বিশ্ব এইডচ্ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ সাংস্কৃতিক দলৰ সদস্যসকলে এইচআইভি-এইডচৰ ভয়াৱহতা আৰু ইয়াৰ পৰা হাত সাৰি থকাৰ ওপৰত সজাগতামূলক গীত পৰিবেশন কৰে। এই সময়ছোৱাতে দিশা এনজিঅ’ৰ কৰ্মীসকলে সাধাৰণ ৰাইজৰ মাজত এইচআইভি-এইডচৰ ভয়াৱহতা আৰু ইয়াৰ পৰা হাত সাৰি থকাৰ সজাগতামূলক প্ৰচাৰ প্ৰত্ৰিকা বিতৰণ কৰে ।

ASSAM STATE AIDS CONTROL SOCIETY chirang