/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল ডেস্ক : ভাৰত চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ন্যায় বিভাগৰ তত্বাৱধানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইন গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত অসমত বসবাস কৰা হ্ৰাংখ’ল আৰু বিয়াতেসকলৰ পৰম্পৰাগত আইন লিপিবদ্ধকৰণ সন্দৰ্ভত এখনি কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনি ১৫ মাৰ্চ ২০২৫ত হাফলং চহৰত অনুষ্ঠিত কৰা হয়।
উল্লেখযোগ্য যে, এই কৰ্মশালাখন প্ৰতিষ্ঠানটোৱে বৰ্তমানে কৰি থকা ১৫টা জনগোষ্ঠীৰ পৰম্পৰাগত আইন লিপিবদ্ধকৰণৰ অংশ হিচাপে অনুষ্ঠিত কৰে। এই কৰ্মশালাত আইন গৱেষণা প্ৰতিষ্ঠানটোৰ গৱেষণা সহযোগী চিৰাইৱে কুৱামেৰ ক্ষেত্ৰভিত্তিক সমলৰ আধাৰত প্ৰতিষ্ঠানটোৰ সঞ্চালক, ড০ ৰঙ্গ ৰঞ্জন দাসে প্ৰস্তুত কৰা হ্ৰাংখ’ল আৰু বিয়াতেসকলৰ পৰম্পৰাগত ন্যায় ব্যৱস্থাৰ খচৰা প্ৰতিবেদন বিতংকৈ আলোচনা কৰা হয়।
কৰ্মশালাত হ্ৰাংখ’ল আৰু বিয়াতে সম্প্ৰদায়ৰ বহু গৱেষক, পণ্ডিত তথা বিভিন্ন অনুষ্ঠানৰ লগতে পৰম্পৰাগত সংস্থাসমূহৰ প্ৰতিনিধি উপস্থিত থাকে।