/asomiyapratidin/media/media_files/2025/01/30/cxpERub4CvWP5pFbXWe9.jpg)
মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেঁচুসাৰ প্ৰস্তুত, পেলনীয়া সামগ্রী পুনৰ ব্যৱহাৰ সম্পৰ্কীয় কর্মশালা
ডিজিটেল সংবাদ, বেবেজীয়া : অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অৰ্থ সাহাৰ্য্যত মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তুলসীমুখত "কেঁচুসাৰ প্ৰস্তুত, পেলনীয়া সামগ্ৰী পুনৰ ব্যৱহাৰ আৰু পানী সংৰক্ষণ” বিষয়ৰ সন্দৰ্ভত এদিনীয়া কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা প্লাবিতা বৰাই।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে গ্রাম বিকাশ পৰিষদৰ বিষয়া মাধুৰ্য্য বৰা। কৰ্মশালাত নগাঁও জিলাৰ ১০ খন বিদ্যালয় ছাত্র-ছাত্রী আৰু এজনকৈ শিক্ষক প্রতিনিধিয়ে অংশগ্ৰহণ কৰে।
শিক্ষার্থীসকলক প্রশিক্ষণ প্রদান কৰে এ এছ টি ই চিৰ প্রশিক্ষণপ্রাপ্ত ৰাজ্যিক সমল ব্যক্তি বিজয়ানন্দ বৰা, পিংকু বৰা আৰু স্মৃতিৰঞ্জন চমুৱাই। তেওঁলোকে শিক্ষার্থীসকলক কেঁচুসাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি আৰু ইয়াৰ গুণাগুণ আৰু পেলনীয়া সামগ্রীসমূহ কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। লগতে পানী সংৰক্ষণৰ বিধি ব্যৱস্থাৰ ওপৰতো প্রশিক্ষণ প্রদান কৰে।