/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/7b159027-7a71-4358-8621-33500b6e70dc/1.jpg)
ডিজিটেল ডেস্কঃ টীয়কৰ চিৰাম মিচিং গাঁৱত পুৱতি নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। বিপুল ৰেগন নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ লোকৰ।
অগ্নিকাণ্ডটোৰ ফলত ঘৰৰ এটা কোঠালিত থকা সকলো সা সম্পত্তি জুইত ভষ্মীভূত হয়। জুইত ভষ্মীভূত হোৱা সম্পত্তিৰ মূল্য কেইবা লক্ষাধিক টকা। বৰ্তমানৰলৈকে অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ সহযোগত জুই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে সম্পুৰ্ণৰূপে জুই নুমুৱাবলৈ সক্ষম হয় ।
Also Read: উদ্বেগজনকঃ আক্ৰমণকাৰীৰ হাতত ২০২৪ত ৪৭গৰাকী সাংবাদিকে হেৰুৱালে প্ৰাণ...