![mangaldai](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/23/SSrUkXYXTzICW8WeaIXD.jpg)
mangaldai
ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কলাইগাঁও শিক্ষাখণ্ডত বিভিন্ন মণ্ডল সমল কেন্দ্ৰত অলপতে শিক্ষা বিভাগৰ অভিলাষী কাৰ্যসূচী শিক্ষণ শিকণ সঁজুলিৰ কৰ্মশালা অনুষ্ঠিত হয়। শনিবাৰে শালৈপাৰা, মেধিপাৰা আৰু গৰখোৱাপাৰা মণ্ডল সমল কেন্দ্ৰত শিক্ষণ শিকণ সঁজুলিৰ কৰ্মশালা অনুষ্ঠিত হয়।
শালৈপাৰা আৰু মেধিপাৰা মণ্ডল সমল কেন্দ্ৰৰ কৰ্মশালাৰ আতঁ ধৰে শালৈপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক বিজয় ডেকাই। মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰশান্ত কোঁচে পৰিচালনা কৰা কৰ্মশালাখনিত মুঠতে ১৩ খন প্ৰাথমিক বিদ্যালয়ে অংশগ্ৰহণ কৰে।
কৰ্মশালাখনিত সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত অনুষ্ঠিত শিক্ষণ শিকণ সঁজুলিৰ প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে কলাইগাঁও শিক্ষাখণ্ডৰ বি আৰ পিদ্বয় দীপক শৰ্মা আৰু উৎপল শইকীয়া। একেদৰে কাৰ্যালয় সহায়ক দিলীপ বৰ্মনৰ লগতে ভোলানাথ মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল চন্দ্ৰ ডেকা উপস্থিত থাকে।
প্ৰতিখন বিদ্যালয়ৰ শিশু উপযোগী আৰু আনন্দদায়ক শিক্ষণ শিকণ সঁজুলি উপস্থাপন কৰে। বিচাৰকৰ সিদ্ধান্ত মৰ্মে সাক্ষৰতা আৰু সাংখ্যিকতা দুয়োটা বিষয়তে প্ৰথম স্থান লাভ কৰে শালৈপাৰা প্ৰাথমিক বিদ্যালয়ে। আনহাতে দ্বিতীয় স্থান লাভ কৰে বৰঙাবাৰী প্ৰাথমিক বিদ্যালয়।
সাক্ষৰতা বিষয়ত তৃতীয় স্থান লাভ কৰে দেওনাগাঁও প্ৰাথমিক বিদ্যালয় আৰু সাক্ষৰতা বিষয়ত তৃতীয় স্থান লাভ কৰে চমুৱাপাৰা প্ৰাথমিক বিদ্যালয়ে। মেধিপাৰা মণ্ডল সমল কেন্দ্ৰৰ সাক্ষৰতা বিষয়ত প্ৰথম স্থান অধিকাৰ কৰে কাঠপৰি শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ে। একেদৰে দ্বিতীয় স্থান লাভ কৰে বেজপাৰা প্ৰাথমিক বিদ্যালয়ে। তৃতীয় স্থান লাভ কৰে গধীয়াপাৰা প্ৰাথমিক বিদ্যালয়ে।
ইফালে সাংখ্যিকতা বিষয়ত প্ৰথম স্থান লাভ কৰে বেজপাৰা প্ৰাথমিক বিদ্যালয়ে আৰু দ্বিতীয় স্থান লাভ কৰে কাঠপৰি প্ৰাথমিক বিদ্যালয়ে। তৃতীয় স্থান লাভ কৰে গধীয়াপাৰা প্ৰাথমিক বিদ্যালয়ে। আনহাতে কলাইগাঁও শিক্ষাখণ্ডৰ অন্য এটা গৰখোৱাপাৰা মণ্ডল সমল কেন্দ্ৰৰ কৰ্মশালা অনুষ্ঠিত হয় নৱজ্যোতি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ।
![kalaigaon](https://img-cdn.thepublive.com/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/23/kZEFmSjOCdVJHRy38JzX.jpg)
গৰখোৱাপাৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক গীতিমা হাজৰিকাই আঁত ধৰা কৰ্মশালাখনিত বিচাৰক হিচাপে উপস্থিত থাকে ৰঙামাটি পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক অজিত ডেকা আৰু নৱজ্যোতি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহম্মদ ইৰান আলি। মুঠ ৭ খন বিদ্যালয়ে অংশগ্ৰহণ কৰা কৰ্মশালা তথা প্ৰতিযোগিতাত প্ৰতিখন বিদ্যালয়ে আকৰ্ষণীয় শিক্ষণ শিকণ সঁজুলি উপস্থাপন কৰে।
বিচাৰকমণ্ডলীৰ সিদ্ধান্ত মৰ্মে সাক্ষৰতা বিষয়ত প্ৰথম স্থান লাভ কৰে নিজ ৰঙামাটি প্ৰাথমিক বিদ্যালয়ে। দ্বিতীয় স্থান লাভ কৰে মান্টাপাৰা প্ৰাথমিক বিদ্যালয়ে আৰু তৃতীয় স্থান লাভ কৰে শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ে।
সাংখ্যিকতা বিষয়ত প্ৰথম স্থান লাভ কৰে সৰুথেকেৰাবাৰী বালিকা প্ৰাথমিক বিদ্যালয়ে। দ্বিতীয় স্থান লাভ কৰে সৰুথেকেৰাবাৰী বালক প্ৰাথমিক বিদ্যালয়ে। একেদৰে তৃতীয় স্থান লাভ কৰে দাৰিয়াপাৰা প্ৰাথমিক বিদ্যালয়ে।
প্ৰতিযোগিতাৰ শেষত প্ৰতিখন বিদ্যালয়কে প্ৰমাণপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি নিজ ৰঙামাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুটমণি শইকীয়াই বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা প্ৰাথমিক বিদ্যালয়ত অতীৱ প্ৰয়োজনীয় বুলি কয়। সাক্ষৰতা আৰু সাংখ্যিকতা বিষয়ত শিক্ষণ শিক্ষণ সঁজুলি ব্যৱহাৰ কৰিলে ছাত্ৰ-ছাত্ৰীসকল প্ৰচুৰ পৰিমাণে উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে।