Advertisment

সদৌ অসম মইনা পাৰিজাতৰ দক্ষিণ পূব মাণ্ডলিক সাংগঠনিক উপ-সমিতিৰ বিজ্ঞান মেলৰ কৰ্মশালা

সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে দক্ষিণ পূব মাণ্ডলিক সাংগঠনিক উপ-সমিতিৰ উদ্যোগত বোকাখাট জিলা মইনা পাৰিজাতৰ আতিথ্যত দেওবাৰে পুৱতি সাহিত্য সভা ভৱনত এখনি বিজ্ঞান মেলৰ কৰ্মশালা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা

সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা

ডিজিটেল সংবাদ, বৰহোলা : সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে দক্ষিণ পূব মাণ্ডলিক সাংগঠনিক উপ-সমিতিৰ উদ্যোগত বোকাখাট জিলা মইনা পাৰিজাতৰ আতিথ্যত দেওবাৰে পুৱতি সাহিত্য সভা ভৱনত এখনি বিজ্ঞান মেলৰ কৰ্মশালা অনুষ্ঠিত হয় । শিৱসাগৰ ,যোৰহাট ,তিতাবৰ ,গোলাঘাট ,বোকাখাট জিলাৰ মইনাসকলে অংশগ্ৰহণ কৰা কৰ্মশালাখনিৰ আৰম্ভণিতে সদৌ অসম মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে উপসভাপতি প্ৰফুল্ল বৰাই।

Advertisment
সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা
সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা

 

একেদৰে স্মৃতি তৰ্পন কৰে উপদেষ্টা সুৰেন্দ্ৰনাথ গগৈয়ে । ইয়াৰ পাছতে কৰ্মশালাখনি উদ্ধোধন কৰে সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বীৰেন কলিতাই । কৰ্মশালাখনিৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা চিনাকি পৰ্ব আৰু সম্বধৰ্না অনুষ্ঠানটি পৰিচালনা কৰে সদৌ অসম মইনা পাৰিজাতৰ সহ সম্পাদক মোহন চন্দ্ৰ দত্তই ।

সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা
সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা

 

কৰ্মশালাত অংশগ্ৰহণ কৰা মইনা আৰু অতিথিসকলক শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰে বোকাখাট জিলা মইনা পাৰিজাতৰ সভাপতি কৈল্যাশ শইকীয়াই। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থকা সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ ৰাজ্যিক যুটীয়া সমন্বয়ক যজ্ঞোৰাম বৰাই বক্তব্য প্ৰদান কৰি মইনাসকলক বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে কেনেকৈ আগবঢ়াই নিব পৰা যাব পাৰি তাৰ বাখ্যা দাঙি ধৰে।

সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা
সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা

 

কৰ্মশালাত অন্তঃৰাষ্ট্ৰীয় শিশু বিজ্ঞানী উদ্ভাৱক বঁটা প্ৰাপক উপাসনা বৰুৱাই বক্তব্য প্ৰদান কৰি কয় যে তেওঁ বিভিন্ন কেঁচাকলৰ পৰা কেনেকৈ আতা গুৰিসদৃশ সামগ্ৰী প্ৰস্তুত কৰি অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২০২২ চনত গোৱাত অনুষ্ঠিত প্ৰতিযোগিতাত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ বাখ্যা দাঙি ধৰে। কৰ্মশালাত সহযোগী সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অতুল বৰুৱাই ।

সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা
সদৌ অসম মইনা পাৰিজাতৰ বিজ্ঞান মেলৰ কৰ্মশালা

 

কৰ্মশালাৰ শেষত মুকলি সভাত অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ ৰুবি বৰা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কল্পনা চেতিয়া, জ্যেষ্ঠ নাগৰিক হৰি প্ৰসাদ বৰঠাকুৰে বক্তব্য প্ৰদান কৰে । সভাত সদৌ অসম মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক ডালিমী সন্দিকৈ ,প্ৰচাৰ সম্পাদক ৰবীন মহন্ত, ৰাজ্যিক সদস্য অপূৰ্ব শইকীয়া ,পূৰ্ণিমা দত্ত , ইন্দ্ৰজিৎ দত্ত , যোৰহাট জিলা মইনা পাৰিজাতৰ সভাপতি জয়ন্ত পূজাৰী আৰু গোলাঘাট জিলা মইনা পাৰিজাৰ সভাপতি যোগেন দত্ত উপস্থিত থাকে। কৰ্মশালাৰ অন্তত বোকাখাট জিলা মইনা পাৰিজাতৰ সম্পাদক অনন্ত হাজৰিকাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

মইনা পাৰিজাত