New Update
/asomiyapratidin/media/media_files/2025/07/17/425-2025-07-17-19-58-44.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও বালিকা মজলীয়া বিদ্যালয়ত ৩ জুলাইৰ পৰা আৰম্ভ হোৱা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ বৃহস্পতিবাৰে সন্ধিয়া সামৰণি পৰে। প্ৰেৰণা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশিষ্ট বিহু শিল্পী অনুপ বৰুৱাই।
প্ৰেৰণা সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক তপন কটকী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভানেত্ৰী নমিতা বৰা, সাধাৰণ সম্পাদক শুভজিৎ গগৈ, লেখিকা জেউতি হাজৰিকা, সাংবাদিকদ্বয় নিপুল বৰা,জয়ন্ত বৰা প্ৰমুখ্যে বহু গণ্য-মান্য লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিহু শিল্পী অনুপ বৰুৱাই।
উল্লেখযোগ্য যে বিগত বৰ্ষ সমূহত প্ৰশিক্ষণৰ জৰিয়তে বহু প্ৰশিক্ষাৰ্থীক আগুৱাই লৈ যাবলৈ সক্ষম হোৱা প্ৰশিক্ষক ৰাজু শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ লোৱা অভিলাষা শইকীয়াৰ বিহু দলটোৱে যোৱা বৰ্ষত বিহু নাচৰ জৰিয়তে যথেষ্ট সফলতা লাভ কৰাৰ লগতে বহু প্ৰশিক্ষাৰ্থীয়ে বিগত সময়ত অসমৰ বিভিন্ন প্ৰান্তত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে প্ৰেৰণা সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তপন কটকীয়ে।
ইয়াৰ পিছতে উক্ত কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে তেওঁলোকৰ বিহু নৃত্য আৰু ঢোলবাদন প্ৰদৰ্শন কৰে। বিহু শিল্পী তথা কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ৰাজু শইকীয়াই আঁত ধৰা উক্ত অনুষ্ঠানত কৰ্মশালা সহঃ প্ৰশিক্ষক ক্ৰমে নিতুল হাজৰিকা, ঋত্বিকজ্যোতি নাথ, হিৰকজ্যোতি নাথ, মৃদুপৱন বৰা, ৰাজদ্বীপ শৰ্মা, জিন্টুমণি শইকীয়া, বেদশ্ৰী কাশ্যপ, নৱজ্যোতি শইকীয়া, হিৰকজ্যোতি হাজৰিকাক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ শেষত সকলো প্ৰশিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।