লাচিত সংঘত ঢোল বাদন, পেঁপা বাদনৰ প্ৰশিক্ষণ শিবিৰ উদ্বোধন

উদ্বোধনী ভাষণত অভিনেতাগৰাকীয়ে উপস্থিত আটাইকেইগৰাকী প্ৰশিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কৰ্মশালাখনিৰ উত্তৰোত্তৰ কামনা কৰে। তাৰোপৰি এই অনুষ্ঠানতে অভিনেতাগৰাকীয়ে ভ্ৰাম্যমাণ থিয়েটাৰত সমাদৰ লাভ কৰা ‘মিলন মালা’ নাটকৰ এটি সংলাপ আওৰাই উপস্থিত ৰাইজক আমোদ দিয়ে।

author-image
Asomiya Pratidin
New Update
322

ডিজিটেল ডেস্ক : মহানগৰীৰ চানমাৰিৰ মামনি ৰয়ছম গোস্বামী পথত থকা লাচিত সংঘত আয়োজন কৰা হৈছে এক কৰ্মশালাৰ। ৭ দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাখনিত ঢোল বাদন, পেঁপা বাদনৰ লগতে জন-জাতীয় নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

সেই উদ্দেশ্যে শনিবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত লাচিত সংঘৰ প্ৰেক্ষাগৃহত কৰ্মশালাখনিৰ শুভ উদ্বোধন কৰা হয়। কৰ্মশালাখনি উদ্বোধন কৰে অসমীয়া চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ সুদৰ্শন অভিনেতা ৰাজকুমাৰ তালুকদাৰে। 

উদ্বোধনী ভাষণত অভিনেতাগৰাকীয়ে উপস্থিত আটাইকেইগৰাকী প্ৰশিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কৰ্মশালাখনিৰ উত্তৰোত্তৰ কামনা কৰে। তাৰোপৰি এই অনুষ্ঠানতে অভিনেতাগৰাকীয়ে ভ্ৰাম্যমাণ থিয়েটাৰত সমাদৰ লাভ কৰা ‘মিলন মালা’ নাটকৰ এটি সংলাপ আওৰাই উপস্থিত ৰাইজক আমোদ দিয়ে।

উল্লেখযোগ্য যে, লাচিত সংঘ আৰু ছহিদ কুশল কোঁৱৰ একাডেমীৰ উদ্যোগত ৭ দিনীয়াকৈ আয়োজন কৰা হৈছে কৰ্মশালা শিবিৰটি। এই কৰ্মশালা শিবিৰ ৫ৰ পৰা ১১ জুলাইলৈকে চলিব বুলি উদ্যোক্তাই জনায়। 

একেদৰে এই কৰ্মশালাত আবেলি ৪-০০ বজাৰ পৰা সন্ধিয়া ৬-৩০ বজালৈকে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। বিস্মিতা ৰাভা, বাবা কোঁৱৰ, প্ৰিয়ামণি দাস আৰু শিখা মেধিৰ দৰে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। উদ্যোক্তাই জনোৱা অনুসৰি কৰ্মশালাত যিসকল প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচাৰে, তেওঁলোকে ৫০০ টকা ভৰ্তি মাচুল আদায় দি প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব।

আজিৰ এই উদ্বোধনী অনুষ্ঠানত লাচিত সংঘৰ সভাপতি কল্যাণ দত্তৰ লগতে আন আন বিষয়ববীয়া আৰু ছাত্ৰ- ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে। আনহাতে এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি উপস্থিত কেইবাগৰাকী প্ৰশিক্ষাৰ্থীয়ে ঢোল বাদন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

ভ্ৰাম্যমাণ থিয়েটাৰ lachit sangha