Advertisment

চিচিবৰগাঁৱত ১০ দিনীয়া বিনামূলীয়া পাঠদান কাৰ্যসূচী

চিচিবৰগাঁওত বিনামূলীয়া পাঠদান শিবিৰটোৰ আজি শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰজিৎ শইকীয়াই।

author-image
Asomiya Pratidin
New Update
tyty

ডিজিটেল সংবাদ,চিলাপথাৰঃ আগন্তুক অসম আৰক্ষী মকৰলৰ বাবে অনুষ্ঠিত হ'বলগীয়া লিখিত পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী সকলক সাজু কৰি তোলাৰ উদ্দেশ্যে আজি ১০ দিনীয়া বিনামূলীয়া পাঠদান শিবিৰৰ শুভাৰম্ভ কৰা হয়। চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰটোৰ আজি শুভাৰম্ভণি কৰা হয়।

Advertisment

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে চিচি চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰজিৎ শইকীয়াই। নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ দিগন্ত ভূঞাই উদ্দেশ্য ব্যাখ্যা আৰু সুৰজ চুতীয়াই আঁতধৰা পাঠদান শিবিৰৰ শুভাৰম্ভণি কৰে চিচিবৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱ কুমাৰ চুতীয়াই ।

অনুষ্ঠানত চিচিবৰগাঁওৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক জগত চুতীয়া,গড়কাপ্তনি বিভাগৰ কৰ্মচাৰী অনুৰাগ শইকীয়া, চিলাপথাৰ পূৰ্বাঞ্চল মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: বিজয় দেৱ, ভাৰতীয় সেনাৰ হিমালয় শইকীয়াৰ লগতে কেইবাজনো বিশিষ্ট শিক্ষাবিদ,সমাজকৰ্মী আৰু সংগঠক সমল ব্যক্তি হিচাবে অনুষ্ঠানত উপস্থিত থাকে। উদ্বোধনী দিনটোতে শিবিৰত অৰ্ধ শতাধিক আৰক্ষী পদৰ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে।

চিচিবৰগাঁও