/asomiyapratidin/media/media_files/2025/05/26/kWefU3zRLEuhgG5IIXW5.jpg)
অসম সমগ্ৰ শিক্ষা অভিযানৰ অধীনত মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মশালা
ডিজিটেল সংবাদ, মায়ং : অসম সমগ্ৰ শিক্ষা অভিযানৰ অধীনত অসম শিশু সুৰক্ষা অধিকাৰ আয়োগ আৰু বেচৰকাৰী সংস্থা 'বিন্দু স্মাৰ্ট'ৰ উদ্যোগত সোমবাৰে মৰিগাঁও জিলাৰ মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি কৰ্মশালাৰ আয়োজন কৰা হয়। মায়ং শিক্ষা খণ্ডৰ কেইবাখনো এম ই আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক -শিক্ষয়িত্ৰীসকলৰ লগতে স্থানীয় ব্যক্তিসকলৰ উপস্থিতিত শিশুৰ অধিকাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত এই কৰ্মশালাখনি অনুষ্ঠিত কৰা হয়।
মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বেচৰকাৰী সংস্থা বিন্দু স্মাৰ্টৰ অধ্যক্ষ মালবিকা চৌধুৰীয়ে আঁত ধৰা মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথ, বুৰাবুৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমান, সাংবাদিক নজৰুল ইছলামে।
সভাত উপস্থিত থাকে শিক্ষক নকুল শইকীয়া, শিক্ষক শিৱ ডেকা, সমাজকৰ্মী মনোজ নাথকে ধৰি বিন্দু স্মাৰ্টৰ বিষয়ববীয়াসকল। অনুষ্ঠানৰ আৰম্ভণিতেই আদৰণি ভাষণ আগবঢ়াই মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰাপদ শইকীয়াই।
আদৰণি অনুষ্ঠানৰ আঁত ধৰে বিন্দু স্মাৰ্টৰ সদস্য বিউতি দাসে। সভাৰ মাজতে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ দ্বাৰা কবিতা, নৃত্য- গীত পৰিৱেশন কৰা হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিন্দু স্মাৰ্টৰ সদস্য দিপলী হাজৰিকাই।