বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত পৰম্পৰাগত মুখা শিল্পৰ কৰ্মশালা

পৰম্পৰাগত মুখা শিল্পৰ প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি ভিজুৱেল আৰ্ট একাডেমিৰ উদ্যোগত এই পৰম্পৰাগত মুখা শিল্প কৰ্মশালা ৬ দিনীয়াকৈ বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বোকাখাতঃ   ১৯ জুলাইৰ পৰা ২৫ জুলাইলৈকে বোকাখাত জাতীয় বিদ্যালয়ত পৰম্পৰাগত মুখা শিল্পৰ কৰ্মশালা অনুষ্ঠিত হ'ব। ক্ৰমাৎ অসমীয়া নতুন প্ৰজন্মৰ মাজত অপৰিচিত হৈ পৰা পৰম্পৰাগত মুখা শিল্পক প্ৰজন্মটোৰ সন্মুখত চিনাকি কৰি দিয়া উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে।

Advertisment

পৰম্পৰাগত মুখা শিল্পৰ প্ৰসাৰ আৰু সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি ভিজুৱেল আৰ্ট একাডেমিৰ উদ্যোগত এই পৰম্পৰাগত মুখা শিল্প কৰ্মশালা ৬ দিনীয়াকৈ বোকাখাত জাতীয় বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰা হ'ব।

একাডেমীৰ সম্পাদক বিশিষ্ট ভাস্কৰ্য আৰু চিত্ৰশিল্পী পাপু ঘোষে জানিবলৈ দিয়া মতে, অসমৰ ঐতিহ্যবাহী লোকদৃশ্য কলাৰ অন্যতম মুখাশিল্প নিৰ্মাণৰ এই কর্মশালাত প্রশিক্ষক হিচাপে উপস্থিত থাকিব মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পী, চি চি আৰ টি ফেলশ্বিপ প্রাপক দিব্যজ্যোতি গোস্বামী আৰু দৃশ্যকলা বিষয়ৰ স্নাতক বিজয় কৃষ্ণ হাজৰিকা।

 কর্মশালাখনত ১১ বছৰৰ উৰ্দ্ধৰ সকলো ইচ্ছুক প্রশিক্ষার্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী প্রশিক্ষার্থীয়ে পঞ্জীয়নৰ বাবে ৮৬৩৮০৯৬৯৬৭অথবা ৯৯৫৪৩৫৬৩৪৬ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

মুখা শিল্প