/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-04/yelt0zku/AP FOR WEB bongaigaon.jpg)
ডিজিটেল সংবাদ, চিৰাং: ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ আৰু একাংশ ঠিকাদাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বাবে ২৬ জনকৈ অস্থায়ী শ্ৰমিকে হেৰুৱাব লগা হৈছে কৰ্মসংস্থান। তদুপৰি সহস্ৰাধিক অস্থায়ী শ্ৰমিকে পোৱা নাই তেঁওলোকৰ প্ৰাপ্য মজুৰি। শ্ৰমিকসকলৰ স্বাৰ্থ বিঘ্নিত হোৱা সমস্যাসমূহ সমাধানৰ হকে শ্ৰমিক সংগঠনৰ পৰা বঙাইগাঁও শোধনাগাৰ কতৃপক্ষ বহুবাৰ লিখিত অভিযোগ দাখিল কৰাৰ পিছতো শোধনাগাৰ কতৃপক্ষই গুৰুত্বাৰোপ নকৰাৰ অভিযোগ বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী কমিটিৰ।
বুধবাৰে কাজলগাঁৱত এক সংবাদমেল সম্বোধন কৰি কয় যে বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ এই শ্ৰমিক বিৰোধী স্থিতিৰ প্ৰতিবাদত অহা ১৩ চেপ্তেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ঘোষণা কৰা হ'ব বুলি বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী কমিটিয়ে সদৰী কৰে। অহা ১২ চেপ্তেম্বৰৰ ভিতৰত যদি বঙাইগাঁও শোধনাগাৰ কতৃপক্ষই তেওঁলোকৰ শ্ৰমিক বিৰোধী নীতি পৰিহাৰ কৰি সমস্যা সমাধান নকৰে তেনেহলে অহা ১৩ চেপ্তেম্বৰ তাৰিখে বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত দুঘণ্টীয়া প্ৰতিবাদী শ্লোগান, ১৯ চেপ্তেম্বৰ তাৰিখে ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট, ২৩ চেপ্তেম্বৰ কৰ্মবিৰতি আৰু ২৬ চেপ্তেম্বৰৰ পৰা ৩৬ ঘন্টীয়া সাধাৰণ ধৰ্মঘটৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ প্ৰদান কৰে শ্ৰমিক সংগঠনটোয়ে ।
Also Read: চিৰাঙত বিটিচি প্ৰশাসনৰ উদ্যোগত জনতাৰ দৰবাৰ অনুষ্ঠান