ধেন্দাই চাহ বাগিচাত অস্থায়ী কৰ্মচাৰীৰ চাকৰি স্থায়ীকৰণৰ দাবীত কৰ্মচাৰীসকলৰ কৰ্মবিৰতি পালন

অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি স্থায়ীকৰণৰ দাবীত কৰ্মচাৰীসকলে ধেন্দাই চাহ বাগিচাৰ চৌহদত হাতে- হাতে প্লেকাৰ্ড লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বাগিচাখনৰ অন্যান্য কৰ্মচাৰীসকলেও এই কৰ্মবিৰতি কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
protest

protest

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাত বুধবাৰে অস্থায়ী কৰ্মচাৰীসকলে চাকৰি স্থায়ীকৰণৰ দাবীত পালন কৰে কৰ্মবিৰতি। অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি স্থায়ীকৰণৰ দাবীত কৰ্মচাৰীসকলে ধেন্দাই চাহ বাগিচাৰ চৌহদত হাতে- হাতে প্লেকাৰ্ড লৈ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বাগিচাখনৰ অন্যান্য কৰ্মচাৰীসকলেও এই কৰ্মবিৰতি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 

উল্লেখ্য যে ধেন্দাই চাহ বাগিচাত ৪ জন কৰ্মচাৰীয়ে বিগত ৮-৯ বছৰ ধৰি অস্থায়ীভাৱে কাম কৰি অহাৰ পিছতো চাকৰি স্থায়ীকৰণ নকৰিলে মালিকপক্ষই। আগন্তুক দিনত অস্থায়ী কৰ্মচাৰীসকলৰ যদি চাকৰি স্থায়ীকৰণ নহয় তেতিয়া হ’লে অহা ২৩ ডিচেম্বৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বাগিছা কতৃপক্ষক সকীয়াই দিয়ে।

jamugurihat