ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত শ্ৰমিক ৰাইজৰ প্ৰতিবাদ

শ্ৰমিকসকলক বাগিচাৰ পৰিচালকজনে কৰা ব্যৱহাৰত ক্ষোভিত হৈ পৰে শ্ৰমিক ৰাইজ । ইয়াৰ পাছতে বাগিচাখনৰ পুৰুষ-মহিলাসকলে বাগিচাৰ কাম বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷  

author-image
Asomiya Pratidin
New Update
 বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত শনিবাৰে শ্ৰমিক ৰাইজে উৎকট গৰমৰ বাধা নেওচি প্ৰতিবাদ সাব্যস্ত কৰে। চাহ বাগিচাখনৰ দৈনিক কামলৈ অহা একাংশ মহিলা শ্ৰমিকক পলমকৈ অহাৰ অজুহাতত কৰ্তৃপক্ষই ওভতাই পঠোৱাকলৈ ক্ষুব্ধ হৈ পৰে শ্ৰমিক ৰাইজ।

Advertisment

শ্ৰমিকসকলক বাগিচাৰ পৰিচালকজনে কৰা ব্যৱহাৰত ক্ষোভিত হৈ পৰে শ্ৰমিক ৰাইজ । ইয়াৰ পাছতে বাগিচাখনৰ পুৰুষ-মহিলাসকলে বাগিচাৰ কাম বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷  

বিশুদ্ধ খোৱাপানীৰ নামত চাহ শ্ৰমিক ৰাইজে বৰবিহহে সেৱন কৰিবলগীয়া হৈছে বুলিও অভিযোগ কৰে। তাৰোপৰি চাহ বাগিচাখনত চলি থকা বিভিন্ন সমস্যাৰ বিষয়ে শ্ৰমিকসকলে সংবাদ মাধ্যমক অৱগত কৰে। অনতিপলমে  যদি চাহ শ্ৰমিক ৰাইজৰ সমস্যাসমূহ সমাধান নহয়, তেন্তে বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে শ্ৰমিকসকলে।

প্ৰতিবাদ