/asomiyapratidin/media/media_files/2025/07/08/338-2025-07-08-19-40-41.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ দুদিনীয়া ওদালগুৰি ভ্ৰমণৰ মঙলবাৰে অন্তিমটো দিন। আজি পুৱাৰ ভাগতে কংগ্ৰেছ সভাপতিগৰাকী উপস্থিত হয় ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত।
তেখেতে সত্ৰৰ বিষয়বৱীয়াৰ সৈতে মিলিত হৈ সত্ৰখনৰ বিষয়ে বুজ লয়। ইয়াৰ পাছত তেখেতে পোনে পোনে গৈ উপস্থিত হয় ওদালগুৰি হৰপুৰস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিস্থলীত।
বডোফাৰ প্ৰতিমুৰ্তিৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণকৰে কংগ্ৰেছ সভাপতি গগৈয়ে। ইয়াৰ পাছত আন কেইৱাটাও কাৰ্যসূচীৰ অন্তত গৌৰৱ গগৈ উপস্থিত হয় ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত কৰ্মীসভাত।
কৰ্মীসভাখনত কংগ্ৰেছ কৰ্মীৰ সংখ্যা আছিল তেনেই কম। উপস্থিত কংগ্ৰেছ কৰ্মীক উদ্দেশ্যি ভাষণ প্ৰদানৰ অন্তত সাংবাদিকৰ সন্মুখত কেতবোৰ মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।
তেখেতে কয়, "বিটিআৰ নিৰ্বাচনত ৰাইজে বিকল্প বিচাৰে। ৰাইজে গম পাইছে যে ইউপিপিএল-বিপিএফৰ ৰিমট কণ্ট্ৰ'ল হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মাই কলংকৃত মন্ত্ৰীসকলক সুৰক্ষা(সংৰক্ষণ) দি আছে।
সাংবাদিকে যেতিয়াই মুখ্যমন্ত্ৰীক তেখেতৰ মন্ত্ৰীৰ কলংকৰ কথা সোধে, তেতিয়াই মুখ্যমন্ত্ৰী সুৰক্ষা প্ৰদান কৰি আহিছে। গৰুচোৰ কাণ্ডৰ লগত জৰিতই হওঁক বা দুশকোটি টকাৰ মহল বনোৱাই হওঁক, বা কোনোৱাই যদি অবৈধভাৱে বাগান বা ভূমি লৈছে, এইক্ষেত্ৰতো তেওঁ সুৰক্ষা প্ৰদান কৰি আহিছে। যাৰ বাবে ৰাইজে বিকল্প হিচাপে কংগ্ৰেছ দলক আদৰিবলৈ লৈছে।"
ইফাল উচ্ছেদ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, "তেওঁলোকে মন্ত্ৰীসকলে একে দিনাই বহু মাটি লোৱা বিষয় তদন্ত নকৰে। বুলডজাৰ দুখীয়া মানুহৰ ওপৰত চলিব। কিন্তু বিজেপি নেতা-পালিনেতাক ভূমি দখল কৰাৰ বাবে ফ্ৰী-হেণ্ড দিছে। আজি বিজেপিৰ নেতা পালি নেতাইও ভিজিআৰৰ মাটি দখল কৰিছে। বিজেপিয়ে নিজৰ নেতা পালিনেতাক মাটি লুট, টকা লুট, গৰু লুট আদিৰ বাবে দুৱাৰ মুকলি কৰি ৰাখিছে।
বিজেপিয়ে এক ৰাতিৰ ভিতৰত ৪০ হাজাৰ বিঘা মাটি আদানী-আম্বানিক দিছে। কিন্তু বিটিআৰ অঞ্চলত কিমান ৰাইজক তেওঁলোকে ভূমিপট্টা প্ৰদান কৰিব পাৰিছে ? বিজেপিয়ে সকলোৰে ওপৰত অন্যায় কৰিছে। উজনি অসমত খিলঞ্জীয়া লোকৰ পথাৰত বুলডজাৰ চলাইছে। নামনি অহমত ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদ চলাইছে। সমাজৰ প্ৰতিটো শ্ৰেণীৰ ওপৰত অন্যায় কৰিছে।"
একেদৰে সাংবাদিক সন্দৰ্ভত সময়ে সময়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি গগৈয়ে কয়, "তেওঁলোকে নিজকে ওপৰৰ মানুহ বুলি ভাবে। সাংবাদিকৰ লগত কথা নাপাতি মালিকৰ লগত কথা পাতে। আনকি সাংবাদিকসকে নিজৰ নিৰাপত্তাক লৈও আজি চিন্তিত হৈছে বুলি গগৈয়ে মন্তব্য প্ৰকাশ কৰে।
আজিৰ গৌৰৱ গগৈৰ এই ভ্ৰমণকালত উপস্থিত থাকে কংগ্ৰেছ নেত্ৰী ৰ'জলিনা তীৰ্কি, জিলা কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বড়োৰ লগতে প্ৰদেশ কংগ্ৰেছৰ পৰিদৰ্শক ৰিলন মোছাহাৰী যুৱ কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক নিলিময় দাস(দ্বীপ) তথা একাধিক কংগ্ৰেছ কৰ্মী।